শ্ৰমিক কৃষক সংগঠনৰ দেশজোৰা ধৰ্মঘট সফল কৰাৰ বাবে বৰপেটাতো শ্ৰমিক সংগঠনৰ অংশগ্ৰহণ

index.jpgs

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত আজি দেশৰ শ্ৰমিক, কৃষক সংগঠনসমুহে আহ্বান জনায় দেশজোৰা ধৰ্মঘট৷

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী নীতিসমুহে শ্ৰমিক, কৃষকৰ লগতে সাধাৰণ ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই অনাৰ অভিযোগ তুলি এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷

দেশত সৃষ্টি হোৱা ভয়াৱহ আৰ্থিক মন্দাৱস্থাৰ পৰা দেশক উদ্ধাৰ কৰা আৰু শ্ৰমিক কৃষক বিৰোধী জনবিৰোধী আইনসমুহ প্ৰত্যাহাৰৰ দাবীত আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট সফল কৰাৰ বাবে বন্ধৰ সমৰ্থনত বৰপেটা চহৰত ওলাই আহে শ্ৰমিক কৃষক সংগঠনৰ প্ৰতিনিধি৷

বৰপেটাৰ চহৰত আজি এইদৰে শ্ৰমিক, কৃষক সংগঠনৰ কৰ্মীসকলে ধৰ্মঘট সফল কৰাৰ বাবে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷