ৰাজগড়ত বিজেপিৰ গুণ্ডা বাহিনীক গ্ৰেপ্তাৰৰ দাবীত এইবাৰ একত্ৰিত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ

index

SI কেলেংকাৰীৰ ন্যায়িক তদন্ত আৰু বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবীত ৰাজগড়ত চিপিআই (এম এল)ৰ ৩৬ ঘণ্টীয়া অনশন কাৰ্যসূচীৰ দ্বিতীয় দিনা বিমল বড়াৰ প্ৰত্যক্ষ নিৰ্দেশত বিজেপিৰ যুৱ মৰ্চাৰ একাংশই অনশন স্থলী লণ্ড ভণ্ড কৰা ঘটনাৰ বিৰুদ্ধে সমষ্টিৰ লগতে ৰাজ্যৰ বিৰোধী দলসমূহে ঐক্যবদ্ধ ভাবে প্ৰতিবাদ সাব্যস্ত কৰিছে।

এই ঘটনাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতো আৰক্ষীয়ে গুণ্ডা বাহিনীক কেৱল থানালৈ মাতি সোধা পোছা কৰি যাবলৈ দিয়ে। এই কাৰ্যৰ বিৰুদ্ধে আৰু আক্ৰমণকাৰীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় আজি সমষ্টিৰ জাতীয় দল সংগঠনৰ লগতে ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে টিংখাং ৰাজহ চক্ৰ বিষয়াক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

টিংখাং আঞ্চলিক ছাত্ৰ সন্থা, কা বিৰোধী ঐক্য মঞ্চ, টিংখাং, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টিংখাং আঞ্চলিক, টাই আহোম যুৱ পৰিষদ, টিংখাং আঞ্চলিক, ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, টিংখাং আঞ্চলিক, আটছা ৰাজগড় শাখা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ,

টিংখাং চাৰ্কোল, বিপ্লৱী যুৱ সন্থা, টিংখাং আঞ্চলিক, কৃষক মুক্তি সংগ্ৰাম সমিতি, টিংখাং আঞ্চলিক সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থা, টিংখাং, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ডিব্ৰুগড় জিলা সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, ৰাজগড় আঞ্চলিক, আদিবাসী সুৰক্ষা সমিতি, টিংখাং আঞ্চলিক, কৃষক মহাসভা, অসম আৰু ৰাজনৈতিক দলৰ তৰফৰ পৰা কংগ্ৰেছ, চিপিআই(এম এল), আদিবাসী নেচনেল পাৰ্টি আৰু অসম জাতীয় পৰিষদৰ তৰফৰ পৰা যৌথভাৱে আজি স্মাৰক পত্ৰ প্ৰদান কৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক যৌথ  প্ৰেছ বিবৃতিত দল-সংগঠনৰ নেতৃত্বই কয় যে ২৮ তাৰিখৰ সমষ্টিৰ ইতিহাসৰ জঘন্যতম ঘটনা সংঘটিত কৰাৰ মাজেৰে বিধায়ক বিমল বড়াই SI কেলেংকাৰীত জড়িত থকাৰ কথা নিজেই প্ৰমাণ কৰিছে। নহ’লে প্ৰতিবাদৰ শেষ পৰ্যায় অনশন কাৰ্যসূচী লণ্ড ভণ্ড তেওঁ নকৰিলেহেঁতেন।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মতে বিজেপিৰ সকলো বিধায়কৰ ভিতৰতে বোলে বিমল বড়া সকলোতকৈ নম্ৰ, ভদ্ৰ আৰু শিষ্টাচাৰ থকা ব্যক্তি। যদি এনে ব্যক্তিৰ দ্বাৰা অনশনস্থলী লণ্ড ভণ্ড কৰা হয় তেন্তে বাকী বিধায়কসকল কেনে হ’ব বুলি বিবৃতিটোত দল সংগঠনৰ নেতৃত্বই প্ৰশ্ন কৰে।

দল-সংগঠনসমূহে অনশনস্থলী লণ্ড ভণ্ড কৰা গুণ্ডা বাহিনীক এসপ্তাহৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। লগতে SI কেলেংকাৰীৰ ন্যায়িক তদন্ত আৰু বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় অন্যথা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলৈ চৰকাৰ প্ৰশাসনক সাজু থাকিবলৈ সকিয়াই দিয়ে।