NORTHEAST NOW (Assamese)

অভিনেত্ৰী আশা পাৰেখক দাদা চাহেব ফালকে বঁটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে

September 30, 2022 8:47 pm · এন ই নাও নিউজ,গুৱাহাটী

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত আজি অভিনেত্ৰী আশা পাৰেখক দাদা চাহেব ফালকে বঁটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । অনুষ্ঠানত ৭৯ বছৰীয়া পাৰেখে কয় যে নিজৰ ৮০ সংখ্যক জন্মদিনৰ এদিন আগতে বঁটা লাভ কৰি তেওঁ কৃতজ্ঞ। তেওঁ কয় “দাদা চাহেব ফালকে বঁটা লাভ কৰাটো এটা ডাঙৰ সন্মান।

এই কথাই মোক অতি আনন্দিত কৰি তুলিছে যে মোৰ ৮০ তম জন্মদিনৰ মাত্ৰ এদিন আগতে মোৰ ওচৰলৈ এই স্বীকৃতি আহিছে।”

 উল্লেখ্য আশা ভোচলে, হেমা মালিনী, পুনম ধিলন, উদিত নাৰায়ণক লৈ গঠিত পাঁচ জনীয়া দাদা চাহেব ফালকে বঁটা সমিতিয়ে এই সন্মানৰ বাবে পাৰেখক বাছনি কৰিছিল। তেওঁক ১৯৯২ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল৷ যোৱা বছৰ ৰজনীকান্তক ২০১৯ চনৰ দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল৷

ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত দাদাচাহেব ফাল্কে বঁটাক সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। ভাৰতীয় চিনেমাক আগুৱাই লৈ যোৱাত আশা পাৰেখৰ যথেষ্ট অৱদান আছে। এই সন্মানীয় বঁটা লাভ কৰা ৫২ সংখ্যক ব্যক্তি হৈছে আশা পাৰেখ।

৬০ আৰু ৭০ ৰ দশকত আশা পাৰেখে ভাৰতীয় চলচ্চিত্ৰৰ জগতত শীৰ্ষ অভিনেত্ৰীৰ আসনত বহিবলৈ সক্ষম হৈছিল। পঞ্জাবী, গুজৰাটী আৰু কানাড়া ছবিতো তেওঁ অভিনয় কৰিছিল। তদুপৰি তেওঁ নিজাকৈ প্ৰডাকচন কোম্পানী আৰম্ভ কৰি টিভি শ্ব’ প্ৰযোজনা কৰিছিল। ১৯৯২ চনত তেওঁ পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

অনুৰাগ ঠাকুৰে আশাৰ বিষয়ে কয় যে, “তেওঁ ৯৫ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ (চিবিএফচি) অধ্যক্ষ আছিল।”চিনেমাৰ ক্ষেত্ৰত এই সৰ্বোচ্চ দাদা চাহেব ফালকে বঁটা প্ৰতি বছৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰদান কৰা হয়। যোৱা বছৰ ছুপাৰষ্টাৰ ৰজনীকান্তক এই বঁটাৰে সন্মানিত কৰা হৈছিল।৭৯ বছৰীয়া আশা পাৰেখে ‘দিল দেকে দেখো’, ‘কাটি পতংগ’, ‘তিছৰী মঞ্জিল’, ‘কাৰৱা’ আদি হিট ছবিত কাম কৰি কৰিছে। পাৰেখে পৰিচালনা কৰিছিল টিভি ধাৰাবাহিক ‘কোৰা কাগজ’।

Related News