ভূমিকম্প বিষয়ক ম’ক ড্ৰিলৰ আয়োজন সন্দৰ্ভত ভিডিঅ’ কনফাৰেঞ্চ

IMG-20181102-WA0000

বৃহস্পতিবাৰে শিৱসাগৰত আয়োজিত ভিডিঅ' কনফাৰেঞ্চৰ মুহূৰ্ত। ফটো : নৰ্থইষ্ট নাও

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যৌথভাৱে অহা ১৬-১৭ নৱেম্বৰত ৰাজ্যৰ আটাইকেইখন জিলাতে ভূমিকম্পৰ সময়ত ল’বলগীয়া সতৰ্কতামূলক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ম’ক ড্ৰিলৰ আয়োজন কৰিছে।

এই সন্দৰ্ভত বৃহস্পতিবাৰে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শিৱসাগৰতো ৰাজ্যিক তথ্য বিজ্ঞান কেন্দ্ৰত ভিডিঅ’ কনফাৰেঞ্চৰ আয়োজন কৰা হয়। এই ভিডিঅ কনফাৰেঞ্চত শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে আৰক্ষী অধিক্ষক সুবোধ সোনোৱালে অংশ গ্ৰহণ কৰে।

ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে আঁত ধৰে এই ভিডিঅ’ কনফৰেঞ্চৰ। এই ভিডিঅ কনফৰেঞ্চত ভূমিকম্প সম্পৰ্কত অনুষ্ঠিত হ’বলগীয়া ম’ক ড্ৰিলৰ সকলো দিশ সামৰি এক বিস্তৃত প্ৰতিবেদন আগবঢ়ায় ৰাষ্ট্ৰীয় দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰামৰ্শদাতা অৱসৰ প্ৰাপ্ত মেজৰ জেনেৰেল ভি কে দত্তই।

বৃহস্পতিবাৰে অনুষ্ঠিত এই ভিডিঅ’ কনফাৰেঞ্চত জিলাখনৰ এন ডি আৰ অফ,  এচ ডি আৰ এফ, সেনা বাহিনী, অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ প্ৰতিনিধিৰ লগতে স্বাস্থ্য, আৰক্ষী, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান, গড়কাপ্তানি(গৃহ), পশু চিকিৎসা, এ পি ডি চি এল, বিদ্যালয় পৰিদৰ্শক, সমাজ কল্যাণ আৰু এ পি আৰ অ’ৰ মূৰব্বী বিষয়া সকলে অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে,  জিলাখনৰ বিভিন্ন আৱাসিক অঞ্চল, চিকিৎসালয়, শ্ব’পিং মল, বিদ্যালয়, মহাবিদ্যালয় আৰু ঔদ্যোগিক অঞ্চলত এই ম’ক ড্ৰিলৰ আয়োজন কৰা হ’ব।