NORTHEAST NOW (Assamese)

স্কাই ডাইভিং কৰি থাকোঁতে খুলি পৰিল পেৰাচুট! কথমপি প্ৰাণৰক্ষা দুই ভাৰতীয় জোৱানৰ

January 3, 2025 5:09 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় নৌসেনাৰ দুজন জোৱানে এটা ইভেণ্টৰ বাবে স্কাইডাইভিঙৰ বাবে সাজু হৈছিল।কিন্তু অভ্যাসতেই আটাইতকৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ’ল। এনে পৰিস্থিতিৰ সৃষ্টি হল যে দুয়োৰে মৃত্যু হ হ’লহেঁতেন!ঘটনা অনুসৰি অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা।

নৌসেনাৰ বিষয়া দুজনে ইষ্টাৰ্ণ নেভাল কমাণ্ডৰ অনুষ্ঠানৰ বাবে আখৰা কৰি আছিল। ৰাজ্যৰ বিশাখাপট্টনমৰ ৰামকৃষ্ণ বিচ্চ এলেকাত প্ৰস্তুতি চলি আছিল। স্কাইডাইভিং কৰি থাকোঁতে হঠাতে দুয়োৰে সংঘৰ্ষ হয়। কিন্তু কোনো আঘাতপ্ৰাপ্ত নহলেও দুয়োৰে পেৰাচুট ইটোৱে সিটোৰ লগত জড়িত হৈ থাকে। এইদৰে তেওঁলোকে ক্ৰমান্বয়ে নামিবলৈ ধৰিলে।

চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই কাণ্ডৰ এটা ভিডিঅ, ত দেখা গৈছে যে দুয়োজন জোৱানৰ পেৰাচুট জটিল হৈ পৰাৰ পাছত তীব্ৰ বেগেৰে নামি আহিছে। তাৰ পাছত ৰাম কৃষ্ণ বিচ্চৰ ওচৰত সাগৰত পৰিল। কিন্তু পেৰাচুটৰ জটিলতাৰ বাবে তেওঁলোক সাগৰত উটি যাব পাৰিলেহেঁতেন। নাই, কাৰণ উদ্ধাৰ নাওখন লগে লগে আহিছিল তেওঁলোকক বচাবলৈ। দুয়োগৰাকী বিষয়াক নিৰাপদে উদ্ধাৰ কৰা হয়।

জানিব পৰা গৈছে যে দুৰ্ঘটনাটোত জড়িত জোৱান দুজন ভাৰতীয় নৌসেনাৰ মাৰ্কছ দলৰ সদস্য।

Related News