ভাইৰেল হৈ পৰিছে এজন ‘কুকি’ লোকক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ! বিৰোধীৰ প্ৰতিক্ৰিয়া

গোষ্ঠীগত সংঘাতত বিপৰ্যস্ত হৈ পৰা মণিপুৰৰ পৰা পোহৰলৈ আহিছে আন এক ভয়ানক নৃশংসতাৰ ভিডিঅ’।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে এজন ‘কুকি’ লোকক খাদত জ্বলাই দিয়া এটা ভিডিঅ’।

মণিপুৰ আৰক্ষী বিষয়াৰ মতে, এই ভিডিঅ’টো মে’ মাহৰ হব বুলি ধাৰণা কৰা হৈছে যেতিয়া ৰাজ্যখনল কুকি আৰু মেইটেইৰ মাজত গোষ্ঠীগত সংঘৰ্ষ তুংগত উঠিছিল।

লগতে পঢ়কঃ ইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে

‘কুকি’ নামেৰে চিহ্নিত এই ভিডিঅ’টো দেওবাৰে (০৮ অক্টোবৰ) ৱাটছএপকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ হৈছে।

ভিডিঅ’টোত দেখা গৈছে এজন লোক ক’লা টি-চাৰ্ট আৰু কেম’ফ্লেজ ট্ৰাউজাৰ পিন্ধি এটা খাদত পৰি আছে।

মুখখন থেতেলি পেলোৱা হৈছে আৰু দেহটো জ্বলাই দিয়া হৈছে।

লগতে পঢ়কঃযুদ্ধৰ দাবানলত জাহ গৈছে ইজৰাইল-পেলেষ্টাইন: মৃতকৰ সংখ্যা হাজাৰ অতিক্ৰম

অৱশ্যে দাবী কৰা মতে লোকজনক জীৱন্তে জ্বলাই দিয়া হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ভিডিঅ’টো এক্স-ত (পূৰ্বৰ টুইটাৰ) শ্বেয়াৰ কৰি বিৰোধী ইণ্ডিয়া ব্লকে কয় যে, ‘এয়া মণিপুৰৰ! মণিপুৰত কুকি জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়া হৈছে। এই ঘটনাটো অত্যন্ত দুখজনক আৰু লজ্জাজনক। মোডীজীয়ে চুবুৰীয়া দেশখনক লৈ দুখ প্ৰকাশ কৰিছে যদিও মণিপুৰক বচাবলৈ ব্যৰ্থ হৈছে।”