৪ খন মেচত ৫ টা শতক! বিশ্ব অভিলেখ গঢ়িলে বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ অগ্নিয়ে

বলীউদৰ প্ৰযোজক তথা পৰিচালক বিধু বিনোদ চোপ্ৰাক কোনে নাজানে। শেহতীয়াকৈ তেওঁৰ `টুৱেলভ ফেইল’ চিনেমাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কিন্তু এইবাৰ তেওঁৰ কাহিনী নহয়, তেওঁৰ পুত্ৰ অগ্নি চোপ্ৰাকলৈহে চলিছে চৰ্চা। ২০২৩ আৰু ২০২৪ চনৰ ৰঞ্জী মেচত তেওঁৰ প্ৰদৰ্শনে সকলোকে আপ্লুত কৰি তুলিছে।

ৰঞ্জীত মিজোৰামৰ দলৰ হৈ খেলে অগ্নিয়ে। ছিকিমৰ বিৰুদ্ধে তেওঁ প্ৰথম ইনিংছত ১৬৬ ৰান আৰু দ্বিতীয় ইনিংছত ৯২ ৰান সংগ্ৰহ কৰে। এই ৰান সংগ্ৰহ কৰি তেওঁ ৰঞ্জী মেচত মিজোৰামৰ হৈ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়। ইয়াৰ পিছত নাগালেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১৬৬ আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰে।

লগতে পঢ়কঃ অক্সফৰ্ডত `ভাইৰাছ’! বিশ্ব প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ আগত শক্তিশালী ভাষণ বোমান ইৰাণীৰ

অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে তেওঁ ১১৪ আৰু ১০ ৰান সংগ্ৰহ কৰে। মেঘালয়ৰ বিৰুদ্ধে এইবাৰ অগ্নি চোপ্ৰাই ১০৫ আৰু ১০১ ৰান সংগ্ৰহ কৰে। মেঘালয়ৰ বিৰুদ্ধে দুয়োটা ইনিংছতে অগ্নিয়ে শতক অৰ্জন কৰে।

অগ্নি বিধু বিনোদ চোপ্ৰা আৰু প্ৰশংসিত চলচ্চিত্ৰ সমালোচক অনুপমা চোপ্ৰাৰ পুত্ৰ। পুত্ৰৰ এই অসাধাৰণ প্ৰদৰ্শনত অনুপমা খুবেই সুখী। নিজেই ছ’চিয়েল মিডিয়াত পুত্ৰ অগ্নিৰ ছবি পোষ্ট কৰি লিখিছে, ‘প্ৰাউড মম’, অৰ্থাৎ তেওঁ এগৰাকী গৌৰৱান্বিত মাতৃ। অগ্নি চোপ্ৰাই প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ প্ৰথম চাৰিখন খেলতে শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়।

অগ্নিয়ে এই পৰ্যন্ত ৮ ইনিংছত ৭৭৫ ৰান সংগ্ৰহ কৰিছে। অগ্নিয়ে এই পৰ্যন্ত ৪ খন মেচত ৫ টা শতক অৰ্জন কৰিছে। ২০২৪ চনত সৰ্বাধিক ৰানৰ তালিকাত দ্বিতীয় স্থানত আছে তন্ময়। তন্ময়ে এই পৰ্যন্ত ৪ ইনিংছত ৫৯৪ ৰান সংগ্ৰহ কৰিছে।