• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অক্সফৰ্ডত `ভাইৰাছ’! বিশ্ব প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ আগত শক্তিশালী ভাষণ বোমান ইৰাণীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2024 2:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থ্ৰী ইডিয়টৰ ভাইৰাছক নিশ্চয় মনত আছে। হয়, আমিৰ খান, মাধৱৱন, শৰমান যোশীহঁতৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষজন আছিল ‘ভাইৰাছ’। আচলতে নামটো ভাইৰাছ নহয় কিন্তু এই নামটো ছবিখনত তেওঁক ৰাঞ্চো,ৰাজু আৰু ফাৰহানে দিছিল। আকৌ এবাৰ বোমান ইৰাণীয়ে সেই `ভাইৰাছ’ৰ ভূমিকালৈ ঘূৰি গ’ল।

শেহতীয়াকৈ লণ্ডনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত ১১০ জন ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এক শক্তিশালী ভাষণ প্ৰদান কৰে বোমান ইৰাণীয়ে। বোমানে IIMUN নামৰ এটা সংস্থাৰ হৈ ভাৰত-ব্ৰিটেইনৰ সন্মিলনত অংশ লৈছিল। যোৱা এসপ্তাহ ধৰি তেওঁ তাত আছিল। তাতে ১১০ জন প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ভাষণ প্ৰদান কৰে বোমানে। এই উপলক্ষে তেওঁক সম্বৰ্ধনা জনোৱা হয়।

বিশ্ববিদ্যালয়খনৰ কেইবাখনো ছবি শ্বেয়াৰ কৰি বোমন ইৰাণীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। ইনষ্টাগ্ৰামত তেওঁ লিখিছে, ‘অক্সফৰ্ড বিশ্ববিদ্যালয়, মোৰ গন্তব্যস্থান আৰু আইআইএমইউএনৰ চৰকাৰী সন্মিলনত মোৰ শেষ ভাষণ। ডাঃ অদিতিলৈ ধন্যবাদ, লাহিড়ীক তেওঁলোকৰ ভাষণৰ বাবে অভিনন্দন। আকৌ এবাৰ iimunofficial আৰু rishabhshah2012 লৈ ইমান সফল আৰু প্ৰেৰণাদায়ক অনুষ্ঠানৰ বাবে অভিনন্দন।’

Apply Now
অক্সফৰ্ডত বোমান ইৰাণী।

এজন অনুৰাগীয়ে বোমান ইৰাণীৰ পোষ্টত লিখিছে, ‘এয়া সঁচাকৈয়ে বিশ্বাস কৰিব নোৱাৰা কথা। আপোনাক লৈ গৌৰৱান্বিত বোমান ছাৰ। আন এজনে লিখিছে, ‘বৰ ভাল কাম।’ কোনোবাই থ্ৰী ইডিয়টৰ স্মৃতিলৈ উভতি গৈ লিখিলে, ‘ভাইৰাছ, কেৱল তুমিয়েই এই কাম কৰিব পাৰা।’ কাৰোবাৰ ভাষাত, ‘বোমান, এই কামটো কেৱল তুমিয়েই কৰিব পাৰা। অভিনন্দন! ধন্য হওক।’

সপ্তাহজোৰা এই সন্মিলন ভ্ৰমণৰ সময়ত পতাকা উত্তোলন অনুষ্ঠানতো অংশগ্ৰহণ কৰে বোমানে। গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাৰতীয় উচ্চায়ুক্তৰ হৈও তেওঁ ভাষণ দিয়ে। কেৱল সেয়াই নহয়, তেওঁ ব্ৰিটিছ সংসদকো সম্বোধন কৰে। উল্লেখ্য যে বোমান ইৰানীৰ আগতে শ্বাহৰুখ খানকো অক্সফৰ্ড বিশ্ববিদ্যালয়ত বক্তৃতা দিয়া দেখা গৈছিল।

ভাৰতীয় দূতাবাসত বোমান ইৰাণী।

বোমানে অতি শীঘ্ৰেই ছবি পৰিচালনাৰ বাবে আগবাঢ়িছে। তেওঁ নিজেই পৰিচালনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। অভিনয় জগতত কমিক চৰিত্ৰৰ বাবে পৰিচিত বোমান ইৰাণী। প্ৰসংগক্ৰমে থ্ৰী ইডিয়টছত তেওঁক জনপ্ৰিয়ভাৱে ‘ভাইৰাছ’ বুলি জনা যায় যদিও আচলতে তেওঁৰ চৰিত্ৰটোৰ নাম আছিল বীৰু সহস্ৰবুদ্ধে। তেওঁৰ চৰিত্ৰ আছিল এখন সুনামধন্য অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কঠোৰ সঞ্চালক।

 

View this post on Instagram

 

A post shared by Boman Irani (@boman_irani)

শেহতীয়াকৈ শ্বাহৰুখ খান অভিনীত ‘ডাংকি’ ছবিখনত দেখা গৈছিল বোমানক। ৰাজকুমাৰ হিৰাণীৰ ছবিখনত গীতেন্দাৰ ‘গীতু’ গুলাতি নামৰ ইংৰাজী শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত আন চৰিত্ৰত অভিনয় কৰিছে তাপসী পান্নু, ভিকি কৌশল, বিক্ৰম কোছাৰ আৰু অনিল গ্ৰ’ভাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd