মন্ত্ৰীৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান! বাতিল কৰা হ’ল বিদ্যা বালানৰ ছবিৰ শ্বুটিং

vidya-balan-1580631103

বিদ্যা বালান।

বলীউদৰ এগৰাকী মোহময়ী অভিনেত্ৰী হৈছে বিদ্যা বালান। যোৱা কেইবা সপ্তাহ ধৰি মধ্য প্ৰদেশত নতুন ছবি ‘শ্বেৰনি’ৰ শ্বুটিং কৰি আছে অভিনেত্ৰীগৰাকীয়ে। তাৰ মাজতেই হঠাতে ঘটিল ঘটনাটো।

বাতৰি অনুসৰি, বনাঞ্চলত শ্বুটিং কৰাৰ বাবে চৰকাৰৰ পৰা বিশেষ অনুমতি লোৱা হৈছিল। কিন্তু নিৰ্দিষ্ট দিনটোত শ্বুটিঙৰ বাবে উপস্থিত হৈ প্ৰডাকশ্যন টীমে জানিব পাৰে যে তেওঁলোকৰ সেই অনুমতি প্ৰত্যাহাৰ কৰা হৈছে।

জিলা বন বিষয়াই শ্বুটিং য়ুনিটক বনাঞ্চলত প্ৰৱেশত বাধা দিয়ে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহে বিদ্যা বালানক নৈশভোজৰ বাবে নিমন্ত্ৰণ জনাইছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ৰাজী নহ’ল। ইয়াৰ পাছতেই হেনো শ্বুটিঙৰ অনুমতি বাতিল কৰি দিয়া হয়।

অৱশ্যে, মন্ত্ৰী বিজয় শ্বাহে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয় যে তেওঁ কোনো নিমন্ত্ৰণ পঠোৱা নাছিল। বৰং শ্বুটিং য়ুনিটৰ পৰাহে তেওঁক নিমন্ত্ৰণ জনোৱা হৈছিল যিটো ব্যস্ততাৰ বাবে তেওঁ বাতিল কৰিছিল।

মন্ত্ৰীগৰাকীয়ে কয় যে ডিনাৰহে বাতিল হৈছে, শ্বুটিং নহয়।

ইপিনে, এই সন্দৰ্ভত ‘শ্বেৰনি’ৰ নিৰ্মাতাৰ ফালৰ পৰা কোনো মন্তব্য কৰা নাই। অমিত মছুৰকাৰ পৰিচালিত ছবিখনত বিদ্যা বালানৰ উপৰি ইলা অৰুণ আৰু বিজয় ৰাজো আছে।

শেহতীয়াকৈ বিদ্যা বালানক ভাৰতীয় গণিতজ্ঞৰ বায়’পিক ‘শকুন্তলা দেৱী’ত দেখা গৈছিল।