কোৱাৰেন্টাইন ভংগ কৰি কৰ’না বিয়পোৱাৰ অপৰাধত ৫বছৰৰ কাৰাবাসৰ শাস্তি যুৱকক

images

প্ৰতিনিধিত্বমূলক ফটো।

কোৱাৰেন্টাইন উলংঘা কৰি কৰ’নাৰ সংক্ৰমণ ঘটোৱাৰ অপৰাধত ভিয়েটনামত লি ভেন ত্ৰি নামৰ এজন যুৱকক ৫বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে দেশখনৰ এখন আদালতে। দেশখনৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰিছে।

দেশখনৰ চৰকাৰী কৰ্তৃপক্ষই ২৮ বছৰীয়া যুৱকজনৰ বিৰুদ্ধে মাৰাত্মক সংক্ৰামক ৰোগ বিয়পোৱাৰ অভিযোগ আনে।

দেশখনৰ দক্ষিণৰ প্ৰদেশ কা মাউৱেৰ পীপলছ আদালতত শুনানি হৈছিল। শুনানিৰ অন্তত অভিযোগ প্ৰমানিত হোৱাত বিচাৰকে যুৱকক ৫বছৰৰ কাৰাদণ্ড বিহে।

বাতৰি অনুসৰি, ভিয়েটনামত এখন প্ৰদেশৰ পৰা আন প্ৰদেশত প্ৰৱেশৰ ক্ষেত্ৰত ২১দিনৰ কোৱাৰেন্টাইন বিধি বলবৎ আছে। কিন্তু লিয়ে এই বিধি ভংগ কৰে। যুৱকজনে কমেও ৮জন ব্যক্তিলৈ কৰ’না সংক্ৰমিত কৰাৰ অপৰাধত দোষী সাৱ্যস্ত হৈছে।

উল্লেখ্য যে ভিয়েটনামত যোৱা কেইমাহ ধৰি সংক্ৰমণ বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত এতিয়ালৈকে প্ৰায় ৫লাখতকৈয়ো অধিক লোক আক্ৰান্ত হৈছে। সেইদৰে, ১৩হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। দেশখনত ইয়াৰ পূৰ্বেও এনে অপৰাধৰ বাবে দুজনক শাস্তি বিহা হৈছিল।