বিজয় হাজাৰে ট্ৰফী :  একেৰাহে পাঁচখন মেচত বিধ্বস্ত অসম

TH06_HAZARE

প্ৰতিনিধিত্বমূলক চিত্ৰ

চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ হতাশাজনক প্ৰদৰ্শন। ঝাৰখণ্ড, হাৰিয়ানা, তামিলনাডু আৰু বেংগলৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত সোমবাৰে অনুষ্ঠিত হোৱা আন এখন মেচত ৰাজস্থানৰ বিৰুদ্ধেও ৫৬ ৰানৰ ব্যৱধানত লজ্জাজনকভাৱে পৰাস্ত হয় অসম।

প্রথমে বেট ধৰা ৰাজস্থানে নিৰ্ধাৰিত ৫০ অভাৰত সাত উইকেট হেৰুৱাই ২১৭ ৰাণ কৰে। ৰাজস্থানৰ মহেন্দৰ নৰেন্দৰ সিঙে ১০১ ৰাণৰ শতকীয় ইনিংছ খেলাৰ লগতে মাহীপল লমৰোৰে ৫৪ ৰাণৰ দৰ্শনীয় ইনিংছ খেলে। অসমৰ হৈ জিতুমণি কলিতাই দুটা, অৰূপ দাস, ৰিয়ান পৰাগ, অমিত সিনহা আৰু মৃণ্ময় দত্তই এটাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়।

২১৮ ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা অসমে নিজৰ বেটিং ব্যৰ্থতা অব্যাহত ৰাখি ৩৮.৪ অভাৰতেই ১৬১ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে। অসমৰ হৈ অধিনায়ক অমিত সিনহাই ৫২ আৰু ৰিয়ানে পৰাগে ৪৫ ৰাণ কৰাৰ বিপৰীতে কোনো এজন বেটছমেনে ৰাজস্থানৰ বলিং আক্ৰমণক প্ৰতিহত কৰিবলৈ সামৰ্থ হোৱা দেখা নগ’ল।

অসমৰ বেটিং ব্যৰ্থতাৰ মূলতে আছিল ৰাজস্থানৰ বলাৰৰ সঠিক আক্ৰমণ। ৰাজস্থানৰ টিএম উল হকে ৩ টা, ৰাহুল চাহাৰ, চন্দ্ৰপাল সিঙে দুটাকৈ আৰু ৰাজেশ বিষ্ণোই এটা উইকেট লাভ কৰে।

উল্লেখ্য যে বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাখনত অসমে এতিয়ালৈ ধাৰাবাহিকভাৱে পাঁচখন মেচত পৰাস্ত হৈছে। অহা ৫ অক্টোবৰত অসমে চাৰ্ভিচেজৰ বিৰুদ্ধে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব।