গাওঁৰক্ষী সংগঠনৰ বিদ্ৰোহ : অগপ দলৰ বিৰুদ্ধে সংগঠনক ৰাজনীতিকৰণ কৰাৰ অভিযোগ

IMG-20201202-WA0003~2

ফটো : নৰ্থইষ্ট নাও

বোকাখাত সমষ্টিৰ মহকুমাৰ গাঁওৰক্ষী সংগঠনক নিজৰ অধীনলৈ অনাৰ বাবে চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে অতুল বৰাৰ নেতৃত্বাধীন অসম গণ পৰিষদ দলৰ বিৰুদ্ধে ৷ দলটোৰ ভাস্কৰ কালিন্দী নামৰ এজন নেতাক গাঁও ৰক্ষী সংগঠনটোৰ থানা সমিতিৰ সভাপতি পদত নিযুক্তি দিয়াক লৈ আৰম্ভ হৈছে এক বিতৰ্কৰ ৷

অসম গণ পৰিষদ দলৰ সভাপতি কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আগন্তুক নিৰ্বাচনত গাঁওৰক্ষী সংগঠনক ব্যৱহাৰৰ এইয়া এক প্ৰচেষ্টা বুলি  অভিযোগ উত্থাপিত হৈছে ৷

গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ বিশেষ নিৰ্দেশনাত বোকাখাত আৰক্ষী থানাৰ গাওঁৰক্ষী সংগঠনৰ থানা সমিতিৰ সভাপতি পদত নতুনকৈ নিযুক্তি দিয়া হৈছে দলটোৰ নেতা ভাস্কৰ কালিন্দীক ৷

ভাস্কৰ কালিন্দীৰ নিযুক্তিক মানি ল’ব বিচৰা নাই বোকাখাত মহকুমাৰ ৮০ খন গাঁৱৰ গাওঁৰক্ষী সংগঠনৰ সদস্য আৰু বিষয়ববীয়াই।

ভাস্কৰ কালিন্দীৰ নিযুক্তি সংগঠনৰ গৰিষ্ঠ সংখ্যক সদস্য আৰু বিষয়াৰ অজ্ঞাতে অ-সাংবিধানিক প্ৰক্ৰিয়াৰে কেৱল ৰাজনৈতিক উদ্দেশ্যৰে কৰা বুলি গাওঁৰক্ষী সংগঠনটোৰ কৰ্মকৰ্তাই অভিযোগ তুলিছে ৷

তেওঁলোকৰ মতে এটা অৰাজনৈতিক স্বেচ্ছাসেৱী সংগঠন হিচাপে প্ৰতিষ্ঠা কালৰে  পৰাই গাওঁৰক্ষী সংগঠনত ৰাজনৈতিক দলৰ কোনো পদাধিকাৰক সংগঠনৰ সদস্য পদ অথবা বিষয়বাব প্ৰদান কৰাৰ নজিৰ নাই।

তেনেস্থলত কৃষিমন্ত্ৰী অতুল বৰাৰ অসম গণ পৰিষদ দলৰ চাহ কোষৰ সাধাৰণ সম্পাদক  তথা মন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ ভাস্কৰ কালিন্দীক গাওঁৰক্ষী বাহিনীৰ বোকাখাত থানা সমিতিৰ সভাপতি পদত অধিস্থিত কৰাক লৈ এতিয়া বোকাখাতত বিদ্ৰোহ আৰম্ভ হৈছে গাওঁৰক্ষী সংগঠনটোত ৷

উল্লেখ্য যে গাওঁৰক্ষী সংগঠনৰ সভাপতি পদৰ কাৰ্যকাল পাঁচ বছৰ যদিও মাত্ৰ চাৰে তিনি বছৰ কাৰ্য্যকালতেই বোকাখাত থানা সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল বৰাক সম্পুৰ্ণ অসংবিধানিকভাৱে অপসাৰণ কৰা বুলি নিজেই অভিযোগ উত্থাপিত কৰিছে মৃদুল বৰাই ৷

ঘটনাৰ প্ৰতিবাদত যোৱা ২৯ নৱেম্বৰত বোকাখাত থানা চৌহদত থকা গাঁওৰক্ষী সংগঠনৰ কাৰ্যালয়ত কোষেশ্বৰ বৰাৰ সভাপতিত্বত বোকাখাত মহকুমাৰ ৮০ খন গাঁওৰক্ষী সংগঠনৰ প্ৰতিনিধিৰ এক সভা অনুষ্ঠিত  অনুষ্ঠিত হয়।

এই সভাত বোকাখাতৰ গাঁওৰক্ষী সংগঠনক জীপাল কৰি গঢ়ি তোলা সভাপতি মৃদুল বৰাক অপসাৰণ কৰা কাৰ্যক তীব্র নিন্দা কৰি ৰাজনৈতিক নেতাক সংগঠনৰ দায়িত্ব নিদি ৫ বছৰীয়া কাৰ্যকাল সম্পূর্ণ নোহোৱালৈকে জনপ্রিয় মৃদুল বৰাকে সভাপতি পদত বাহাল ৰাখিবলৈ দাবী জনোৱা হয়।