NORTHEAST NOW (Assamese)

বিদেশী চিনাক্তকৰণ : আদালতক বিপথে পৰিচালিত কৰি নিলম্বিত হ’ল গাঁওবুঢ়া

September 8, 2018 10:13 am · এন ই নাও নিউজ

বিদেশী চিনাক্তকৰণৰ নামত এজন গাঁওবুঢ়াই ন্যায়ালয়ক বিপথে পৰিচালিত কৰাৰ ঘটনা উন্মোচিত হোৱাৰ পাছত গাঁওবুঢ়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মৰিগাঁও জিলা প্ৰশাসনে সম্প্ৰতি কালিকাজৰী কিচামৰ গাঁওবুঢ়া দুৰ্লভ চন্দ্ৰ বৰাক তাৎক্ষণিভাৱে নিলম্বিত কৰাৰ লগতে এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব অতিৰিক্ত উপায়ুক্ত অনন্ত কুমাৰ গগৈক অৰ্পণ কৰিছে।

মৰিগাঁও জিলা উপায়ুক্তই এক নিৰ্দেশ মৰ্মে এই তদন্তৰ দায়িত্ব অতিৰিক্ত উপায়ুক্তগৰাকীক অৰ্পণ কৰি তেওঁক সহযোগ কৰিবলৈ জিলা প্ৰশাসনৰ কনিষ্ঠ সহকাৰী সৰোজ কিলিঙক নিয়োগ কৰিছে।

মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসে এই ক্ষেত্ৰত ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ জাৰি কৰিছে।

ঘটনা অনুসৰি মৰিগাঁৱৰ মিকিৰভেটা মৌজাৰ কালিকাজৰী গাঁৱৰ গাঁওবুঢ়া দুৰ্লভ চন্দ্ৰ বৰাই বিদেশী চিনাক্তকৰণ সন্দৰ্ভত আৰক্ষী আৰু আদালতক বিপথে পৰিচালিত কৰি পৰস্পৰবিৰোধী তথ্য প্ৰদান কৰি আহিছিল। উক্ত গাঁৱৰ কোনো ব্যক্তিলৈ বিদেশী ন্যায়াধিকৰণৰ চমন আহিলে গাঁওবুঢ়া বৰাই তেনে কোনো ব্যক্তি গাঁৱখনত নাই বুলি আৰক্ষীক প্ৰতিবেদন দি ওভতাই পঠাইছিল।

উক্ত ব্যক্তিসকলৰ হাতত চমন নপৰা ফলত ন্যায়াধিকৰণত ধাৰাবাহিকভাৱে উপস্থিত নথকাৰ পৰিপ্ৰেক্ষিতত ন্যায়াধিকৰণে উক্ত ব্যক্তিক বিদেশী ঘোষণা কৰে। কিন্তু বিদেশী ঘোষিত ব্যক্তিয়ে ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই যেতিয়া উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় তেতিয়া আকৌ গাঁওবুঢ়া দুৰ্লভ চন্দ্ৰ বৰাই সেইজন ব্যক্তিকে উক্ত গাঁৱৰ বাসিন্দা বুলি প্ৰমাণপত্ৰ দিয়ে। আনকি দুৰ্লভ চন্দ্ৰ বৰাৰ এনে কাণ্ডৰ পৰা সাৰি যোৱা নাছিল খোদ কালিকাজৰী গাঁৱৰ পঞ্চায়তৰ সচিবো।

আশ্চৰ্যজনকভাৱে, মৰিগাঁৱৰ কালিকাজৰী গাঁৱৰ ডেৰশতাধিক ব্যক্তিৰ ক্ষেত্ৰত দুৰ্লভ চন্দ্ৰ বৰাই এনে কাণ্ড সংঘটিত কৰাৰ পাছত যেতিয়া এই সমগ্ৰ তথ্য উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ’ল তেতিয়া স্তম্ভিত হৈ পৰে ন্যায়ালয়।

ইয়াৰ পাছতে সত্ৰ ন্যায়ালয়ে এই সমগ্ৰ গোচৰ পুনৰ বিচাৰৰ বাবে মৰিগাঁও ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ উপৰি গাঁওবুঢ়া দুৰ্লভ চন্দ্ৰ বৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।

 

Related News