‘অস্কাৰ’ৰ দৌৰৰ পৰা বাহিৰ হ’ল ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’

Village Rockstar

অসমৰ চিত্ৰপ্ৰেমীসকলৰ বাবে এক দুখবৰ। ৰীমা দাসৰ ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ’ ‘অস্কাৰ’ৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দিতাৰ দৌৰৰ পৰা বাহিৰ হ’ল। ভিলেজ ৰকষ্টাৰ্ছে ‘অস্কাৰ’ বুটলিবলৈ সক্ষম হ’ব বুলি চলচ্চিত্ৰ প্ৰেমীসকলে মনত আশা পুহি ৰখাৰ সময়তে সোমবাৰে একাডেমি অব মোশ্যন পিক্সাৰ আৰ্টছ এণ্ড ছায়েন্সে উক্ত শিতানৰ বাবে ঘোষণা কৰা পৰৱৰ্তী ৰাউণ্ডৰ ছবি সমূহত স্থান নাপালে ভিলেজ ৰকষ্টাৰ্ছে।

উল্লেখ্য যে ভিলেজ ৰকষ্টাৰ্ছে দেশ-বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত অজস্ৰ সন্মান লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণ কমল বুটলিবলৈ সক্ষম হোৱাৰ লগতে অন্যান্য কেইবাটাও শিতানত বঁটা লাভ কৰিছিল যদিও ৰিমা দাসৰ অস্কাৰ জিনাৰ সপোন ইমানতে অন্ত পৰিল।

উল্লেখ্য যে সকলোতে সমাদৃত ভিলেজ ৰকষ্টাৰ্ছে অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে ফিল্ম ফেডাৰেশ্যন অব ইণ্ডিয়াৰ এছ ভি ৰাজেন্দ্ৰ সিং বাবুৱে এক তাৎপৰ্যমূলক মন্তব্য কৰিছিল। তেওঁ কৈছিল, ‘ভাৰতৰ বহু ছবি অস্কাৰলৈ মনোনীত হয় কিন্তু তেওঁলোকৰ কিছু নিজা নিয়ম আৰু দৃষ্টিকোণৰ বাবে আমাৰ চিনেমা বিলাক অবিবেচিত হয়’।

তেওঁ আৰু কৈছিল, ‘যেতিয়া এখন চিনেমা অস্কাৰলৈ মনোনীত হয় তেতিয়া প্ৰমোশ্যন তথা একাডেমিৰ সদস্যসকলক দেখুওৱাৰ নামত প্ৰায় ২ কোটিমান টকাৰ প্ৰয়োজন হয়। অস্কাৰৰ বাবে বিভিন্ন পন্থা ল’বলগীয়া হয় কিন্তু আমাৰ চিনেমাই সেইবিলাক কাৰণতেই বিফল হোৱা দেখা যায়’।