গাঁৱত বেৰিকেড সাজি মুছলমানৰ প্ৰৱেশ নিষিদ্ধকৰণৰ ফ’টো ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল তিনি যুৱক

Handcuffed man behind prison bars

প্ৰতিনিধিত্বমূলক ছবি

গাঁৱত বেৰিকেড সাজি মুছলমান প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ বৰণ কৰিব লগা হৈছে তিনিজন যুৱক।

ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত।

প্ৰয়াগৰাজ জিলাৰ হাণ্ডিয়া আৰক্ষী থানাৰ অন্তৰ্গত দুশাৱতী গাঁৱৰ কেইজমান যুৱকে সমীপৰ গাঁওত এজন লোক শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছতে নিজ গাঁওখনৰ প্ৰৱেশ পথত বেৰিকেড সাজি মুছলাম প্ৰৱেশ নিষিদ্ধকৰণৰ প’ষ্টাৰ লগায় ফ’টো তুলি সেই ফ’টো চ’ছিয়েল মেডিয়াৰ যোগে ভাইৰেল কৰে।

উল্লেখ্য যে দুশাৱতী গাঁওখনৰ ৭০ শতাংশ নিৱাসী হিন্দু যদিও সমীপৰ গাঁৱৰ ৫০ শতাংশ নিৱাসী হৈছে মুছলমান ধৰ্মাৱলম্বী।

ফ’টোখন ভাইৰেল হোৱাৰ লগে লগে স্থানীয় আৰক্ষীয়ে গাঁওখনলৈ গৈ ছজন যুৱকক চিনাক্ত কৰে যদিও তিনিজন যুৱকক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰাৰ যুৱক তিনিজনৰ বয়স ২০ বছৰ আৰু তেওঁলোক সঞ্জয় কুমাৰ, অশ্বিনী পাণ্ডে আৰু শিৱ বাবা বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা তিনিওজনকে স্থানীয় আদালত পেচ কৰাৰ পিছত আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে সোমবাৰে প্ৰয়াগৰাজ জিলাৰ জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে উক্ত গাঁওখন পৰিভ্ৰমণ কৰি পৰিস্থিত বুজ লয়।

হাণ্ডিয়া ৰাজহ চক্ৰ বিষয়া মজিদ আবচৰৰ নিৰ্দেশত উক্ত প’ষ্টাৰসহ বেৰিকেডটো ইতিমধ্যে উঠাই দিয়া হৈছে।