ওদালগুৰিত বিষাক্ত কাঠফুলা খাই শিশু, মহিলাসহ ১৬জন লোক অসুস্থ

Story-15-750x375

প্ৰতিনিধিত্বমূলক ছবি

বিষাক্ত কাঠফুলা খাই ওদালগুৰি জিলাত শিশু আৰু মহিলাসহ ১৬ গৰাকী লোক অসুস্থ হৈ পৰে।

কালি অৰ্থাৎ দেওবাৰে ওদালগুৰিৰ বামুণজুলি চাহ বাহিচাত উক্ত ঘটনা সংঘটিত হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে লোককেইজনে দেওবাৰে পুৱা কাঠফুলা খাইছিল আৰু পিছত আবেলিলৈ ওকালি, বমি আৰু অতিকৈ পেটৰ বিষত ভোগে।

ফলত তেওঁলোকক প্ৰাৰ্থমিক চিকিৎসাৰ বাবে টংলাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

অসুস্থ লোককেইজনক অনু গৌৰ, ললিতা কুমাৰি, লুণিন টিক্ৰি, কমলা দাস, মহিমা তাঁতি, টুৰ্কু গৌৰ, বালি তাঁতি, গংগু মুণ্ডা, জাকুব তাঁতি, দুলাৰি মুন্দা, জেছমিনা মুণ্ডা, সুমাৰি টিক্কি, লাকু কুমাৰ আৰু টুফান কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে গুৰুতৰভাৱে অসুস্থ সুমাৰি টিক্কি, লাকু কুমাৰ আৰু টুফান কুমাৰক পিঠত উন্নত চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।