দলং-পথ একোৱেই নাই ! জিনাৰী নৈৰ বুকুয়েদি ছাত্ৰ-ছাত্ৰীৰ ভয়ংকৰ যাত্ৰা

Screenshot_20181007-234540

ফটো : নৰ্থ-ইষ্ট নাও

বিকাশ, উন্নয়ন কিম্বা পৰিৰ্ৱতন ইয়াৰ কোনো এটা শব্দই যেন স্পৰ্শ কৰিব পৰা নাই গোৱালপাৰা জিলাৰ অসম-মেঘালয়ৰ সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকিলি পাৰা অঞ্চলত। গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত টিকিলি পাৰাৰ অঞ্চলবাসীয়ে প্ৰশাসনৰ ওচৰত দীৰ্ঘদিনৰ পৰা এখন দলঙৰ দাবী কৰি আহিছে যদিও আজিলৈকে লাভ নকৰিলে এখন দলং।

বহু চৰকাৰ আহিল আৰু গ’ল কিন্তু কোনো উন্নয়ন তথা পৰিৱৰ্তনে স্পৰ্শ কৰিব নোৱাৰা এই অঞ্চলৰ জিনাৰী নৈৰ সিটো পাৰে আছে গাঁও খনৰ একমাত্ৰ স্কুলখন। স্কুলখনলৈ যোৱাৰ পথ বুলি কলে নৈৰ বুকুয়েই এক মাত্ৰ পথ।

বাৰিষাই হওক বা খৰালি মৰণক শৰণ দি এনেদৰে নৈৰ বুকুয়েদি নিতৌ স্কুললৈ যায় ছাত্ৰ-ছাত্ৰীসকল।  বাৰিষা নৈৰ পানী বাঢ়িলে বন্ধ হৈ পৰে স্কুল। কিয়নো স্কুললৈ যাবলৈ নৈ খনৰ বাহিৰে কোনো বিকল্প পথেই নাই।

উল্লেখযোগ্য যে অঞ্চলবাসীয়ে বহু আবেদন নিবেদন কৰাৰ পিছতো অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী তথা লোকসকলৰ স্থায়ী সমাধানৰ বাবে চৰকাৰ তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।