হাৰিয়ানাৰ ৰাজনীতিত খলকনি তুলি জয় লাভ ১০০ গ্ৰামৰ বাবে অলিম্পিকত অযোগ্য হোৱা বিনেশ ফোগাট

মল্লযুঁজৰ পথাৰত নহয়! ৰাজপথৰ সংগ্ৰামতো নহয়!  এইবাৰ ৰাজনীতিৰ পথাৰত বৃহৎ জয় বিনেশ ফগাটৰ। ৰাজনীতিৰ পথাৰত নামিয়েই চিক্স কোবালে বিনেশে!

৫ বছৰ বয়সৰ পৰা মল্লযুঁজৰ সৈতে জড়িত হৈ অৱশেষত বিনেশ নামিল ৰাজনীতিৰ পথাৰত। পেৰিছ অলিম্পিত মাত্ৰ ১০০ গ্ৰাম ওজনৰ বাবে সোণৰ মেডেলৰ পৰা বঞ্চিত হোৱা বিনেশ ফগাটে ৬০১৫ টা ভোটৰ ব্যৱধানত জয়ী হ’ল। 

হাৰিয়ানাৰ জিন্দ জিলাৰ জুলানা বিধানসভা সমষ্টিৰ পৰা এইবাৰ কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিছিল বিনেশ ফোগাটে। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন বিজেপিৰ যোগেশ কুমাৰ বৈৰাগী আছিল ফগাটৰ প্ৰতিদ্বন্দী।

গণনা আৰম্ভ হোৱাৰ প্ৰথম সময়ছোৱাত যোগেশ আগুৱাই থাকিলেও কিছু সময়ৰ ভিতৰতে তেওঁক পিছ পেলাই আগুৱাই যায় বিনেশ।  কিন্তু তৃতীয় ৰাউণ্ডত হঠাৎ বিনেশক পিছ পেলাই অগ্ৰগতি লাভ কৰে যোগেশ।

তেতিয়া দুয়োৰে মাজত তিনি হাজাৰ ভোটৰ ব্যৱধান আছিল। পঞ্চম ৰাউণ্ডৰ শেষৰ পৰাই ব্যৱধান কিছু কমিবলৈ লয়। সপ্তম ৰাউণ্ডত ৩৮টা ভোটত আগবাঢ়ে বিনেশ। একাদশ ৰাউণ্ডৰ শেষত সেই ব্যৱধান বাঢ়ি প্ৰায় ৬ হাজাৰ হয়গৈ।

চতুৰ্দশ ৰাউণ্ডলৈকে পাঁচ হাজাৰৰ ব্যৱধান ধৰি ৰাখে বিনেশে। ১৪ টা ৰাউণ্ডৰ অন্তত মুঠ ৬০১৫ টা ভোটৰ ব্যৱধানত জয়ী হয় বিনেশ ফগাট।

পেৰিচ অলিম্পিকৰ পৰা মাত্ৰ এটা খোজৰ পৰা বঞ্চিত হোৱা  অৰ্থাৎ ১০০ গ্ৰাম বৰ্দ্ধিত ওজনৰ বাবে বহিস্কাৰ হোৱা বিনেশ ফগাটে ৰাজনীতিৰ প্ৰথম ইনিংছতে জয়ৰ মুখ দেখিবলৈ পালে। বৰ্দ্ধিত ওজনৰ বাবে আশা নিৰ্বাপিত হোৱাত মল্লযুঁজৰ পৰাই অৱশৰ লৈছিল বিনেশে। কিন্তু তাৰ পাছতো বিনেশ বহি থকা নাছিল বা ভাগৰি পৰা নাছিল। খেল এৰি ৰাজনীতিৰ পথাৰত খোজ দিয়েই যেন প্ৰথমতেই চিক্সাৰ কোৱালে বিনেশ ফগাটে।

উল্লেখনীয় কথা এয়ে যে ২০০৫ চনৰ পৰা কংগ্ৰেছে জোলানা সমষ্টি দখল কৰিব পৰা নাছিল। কিন্তু মল্লযোদ্ধা বিনেশৰ বাবেই যেন সেয়া সম্ভৱ হৈ উঠিল। জোলানাৰ বোৱাৰী বিনেশৰ জয়ত সুখী তেওঁৰ স্বামীৰ পৰিয়ালো। বিনেশৰ বিজয়ৰ পাছতেই এতিয়া জোলানাত বৈছে আনন্দৰ জোৱাৰ।