আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতত ৱিনেশ ফ’গাটৰ আবেদন নাকচ কৰা হৈছে। ভাৰতীয় মল্লযুঁজাৰুৰ অলিম্পিকৰ পৰা ৰূপৰ পদক লাভৰ আশাও ইমানতে অন্ত পৰিল। মন কৰিবলগীয়া যে অহা শুকুৰবাৰে ৱিনেশৰ আবেদনৰ সিদ্ধান্ত ক্ৰীড়া আদালতত ঘোষণা কৰাৰ কথা আছিল। কিন্তু বুধবাৰে আদালতত হঠাতে ৱিনেশৰ আবেদন বাতিল কৰা হয়।
ভাৰতীয় মল্লযুঁজাৰু ৱিনেশ ফ’গাটৰ ৰূপৰ পদকৰ আবেদন বুধবাৰে ক্ৰীড়া আদালতে নাকচ কৰে। পূৰ্বে কাৰ্যকৰী হোৱা অলিম্পিক মল্লযুঁজত পদক প্ৰদানৰ নিয়ম প্ৰযোজ্য হৈ থাকিব। ৱিনেশ আৰু ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে সেই নিয়ম মানি ল’ব লাগিব। অৰ্থাৎ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছতো ৱিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰা হয়। এই শাখাৰ অলিম্পিকৰ সকলো প্ৰতিযোগীৰ ভিতৰত তেওঁ শেষ স্থান লাভ কৰিব।
অলিম্পিকৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত ৱিনেশে ক্ৰীড়া আদালতত আবেদন জনায়। তাত তেওঁৰ অনুৰোধ আছিল যে যিহেতু তেওঁ নিয়ম অনুসৰি ফাইনেলত প্ৰৱেশ কৰিলে, অন্ততঃ ৰূপৰ পদকটো তেওঁক দিব লাগে। হৰিশ ছালভেৰ দৰে বিখ্যাত অধিবক্তাই তাৰকা মল্লযুঁজাৰুগৰাকীৰ হৈ যুক্তি আগবঢ়াইছিল। কিন্তু বাৰে বাৰে শুনানিৰ অন্তত ৰায়দান কেইবাবাৰো পিছুৱাই দিয়া হয়। অৱশেষত বুধবাৰে ক্ৰীড়া আদালতে ৱিনেশৰ আবেদন নাকচ কৰে।
লগতে পঢ়কঃ Independence day 2024: স্বাধীনতা দিৱস উপলক্ষ্যে কেইটামান বহু বিকল্পী প্ৰশ্ন
এনে সিদ্ধান্তত স্তম্ভিত হৈ পৰিছে ভাৰতীয় অলিম্পিক সংস্থা। ৰায়দানৰ শুনানি গ্ৰহণ কৰি প্ৰেছিডেন্ট পি টি উষাই কয় যে আদালতে খেলুৱৈসকলৰ অৱস্থা বিবেচনা কৰি নাচালে। তেওঁ কয় যে কঠিন পৰিস্থিতিত আই অ’ এ-ই ৱিনেশৰ পক্ষত আছে। ইয়াৰ উপৰিও আই অ’ এয়ে জনাইছে যে অনাগত দিনত তেওঁলোকে আন আইনী পদ্ধতিৰে যুঁজ দিব পাৰে নে নোৱাৰে সেই বিষয়ে চিন্তা-চৰ্চা কৰি আছে। কিন্তু এতিয়াৰ বাবে ৱিনেশৰ পদক লাভৰ আশা শেষ।