দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। ৱাকফ বিৰোধী আনদালনে হিংসাত্মক ৰূপধাৰণ কৰিছে। এই হিংসাৰ জুইত জ্বলি উঠিছে পশ্চিমবঙ্গৰ মুৰ্শিদাবাদ। এই হিংসাত্মক আন্দলন্পৰ মাজতে মুৰ্শিদাবাদত পিতৃ-পুত্ৰক “হত্যা” কৰাৰ খবৰ পোহৰলৈ অহিছে। ঘৰ ভিতৰতে উদ্ধাৰ তেজেৰে তুমৰলি মৃতদেহ। চোকা অস্ত্ৰৰ আক্ৰমণৰ ফলত হত্যা হোৱাৰ অভিযোগ উঠিছে। সম্প্ৰতি অঞ্চলটোত আৰক্ষী বাহিনী মোতায়ন কৰা হৈছে।
স্থানীয় সূত্ৰ অনুসৰি শ্বমশ্বেৰগঞ্জত এটা ঘৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰি লুণ্ঠন চেষ্টা কৰিছিল। পিতৃ-পুত্ৰই বাধা দিবলৈ গৈ দুষ্কৃতিকাৰীৰ হাতাত প্ৰাণ হেৰুৱাই। বৰ্তমান মৃতদেহ দুটা পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ পঠোৱা হৈছে, আৰু শৰীৰত আঘাতৰ চিহ্ন পোৱা গৈছে। আৰক্ষীক ফোন কৰা সত্ত্বেও পলম কৈ হে ঘটনাস্থলীত উপস্থিত হোৱা বুলি অভিযোগ কৰিছে ভুক্তভোগীৰ পৰিয়ালে।
ইফালে বিজেপিৰ ৰাজ্য সভাপতি আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰে মমতা বেনাৰ্জীক তীব্ৰ আক্ৰমণ কৰি তেওঁৰ পদত্যাগ দাবি কৰিছে। তেওঁ এক্সত কয়, “মুৰ্শিদাবাদত মৌলবাদীয়ে নিৰীহ লোকক অত্যাচাৰ কৰিছে, আৰু মমতাৰ নৈৰাজ্যতাই বঙালীৰ মাজত ভয়ৰ সৃষ্টি কৰিছে। CAA বিৰোধী আন্দোলনৰ দৰে এই হিংসাও মমতাৰ নিৰ্দেশনাত হৈছে বুলি তেওঁ অভিযোগ কৰিছে।
তেওঁ লগতে কয় যে কেন্দ্ৰীয় আইন বিৰোধী কাৰ্য সংবিধানৰ অপমান, আৰু মমতাৰ নেতৃত্বে অৰাজকতা অস্বীকাৰ্য। তেওঁৰ মুখ্যমন্ত্ৰী পদত থাকাৰ অধিকাৰ নাই বুলি মন্তব্য কৰিছে। প্ৰআপ্ত খবৰ অনুসৰি হিংসা পশ্চিমবঙ্গৰ বিভিন্ন এলাকা- মুৰ্শিদাবাদ, নদিয়া আৰু দক্ষিণ ২৪ পৰগনালৈ প্ৰসাৰিত হৈছে।
অনহাতে আৰক্ষী মহানিৰ্দেশক ৰাজীৱ কুমাৰে জানায় যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে, আৰু এই কঠিন পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আৰক্ষী সজু বুলি উল্লেখ কৰে। মমতা বেনাৰ্জীয়ে এক্সৰ জৰিয়তে শান্তিৰ আহ্বান জানায়, কয় যে কিছু দলে ধৰ্মৰ অপব্যৱহাৰ কৰি ৰাজনৈতিক লাভ ল’বলৈ চেষ্টা কৰি আছে। সকলো ধৰ্মৰ শান্ত আৰু সংযত থাকিবলৈ অনুৰোধ জনাইছে। ধৰ্মৰ নামত হিংসা নকৰিব। প্ৰতিজনৰ জীৱন মূল্যবান, ৰাজনীতিৰ বাবে অশান্তি সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে।