চামগুৰিত এন এছ ইউ আই-এ বি ভি পিৰ মাজত প্ৰচণ্ড মাৰপিট; ৬ জন গুৰুতৰভাৱে আহত

নগাঁও জিলাৰ চামগুৰি সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ যুৱক সংগঠনৰ কৰ্মীৰ মাজত হোৱা ভয়ংকৰ মাৰপিটৰ ঘটনাই সমগ্ৰ নগাঁও জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে অৰ্থাৎ ৫ অক্টোবৰত চামগুৰি মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত গোটেইকেইটা পদতে এন এছ ইউ আইৰ সমৰ্থক জয়ী হোৱাৰ বাবে চামগুৰি থানাৰ অধীনৰ মোৱামাৰি আৰক্ষ চকীৰ অন্তৰ্গত বৰমা বিল গাঁৱত এন এছ ইউ আইৰ দলটোৱে এক সমদল বাহিৰ কৰিছিল।

মন কৰিব লগীয়া যে সেই সময়তে বিজোপিৰ যুৱ সংগঠন এ বি ভি পিৰ কৰ্মী হিৰণ্য বৰা, বাহাৰুল ইছলাম, মুস্তাফা আলী, নুৰ আলম আৰু আহাদুৰ ৰহমানসহ একাংশ বিজেপিৰ কৰ্মীয়ে সমদলকাৰী দলটোৰে সৈতে মুখামুখি হোৱাত তৰ্কাতৰ্কিৰে প্ৰখমে আৰম্ভ হয় সংঘাত।

পিছলৈ এই সংঘাতে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰে যে দুয়োপক্ষই লাঠী, দৰ শিলগুটিৰে আক্ৰমণ কৰিবলৈ ধৰে। ফলত এ বি ভি পিৰ হিৰণ্য বৰা, মুস্তাফা আলী, নুৰ আলম, বাহাৰুল ইছলাম আৰু আহাদুৰ ৰহমান গুৰুতৰভাৱে আহত হয়।

আনহাতে কংগ্ৰেছ দলৰ যুৱ সংগঠন এন এছ ইউ আই কৰ্মী ৰফিকুল ইছলাম গুৰুতৰভাৱে আহত হয় চিকিৎসালয়ত ভৰ্তি হ’ব লগীয়া হয়।

এই ঘটনাক কেন্দ্ৰ কৰিয়ে পিছত নিশা প্ৰায় ৯ বজাত বিজেপি দলৰ নেতা-কৰ্মী চামগুৰি আৰক্ষী থানাৰ সন্মুখত একগোট হৈ ‘অসম পুলিচ গ’ বেক, অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক, বিজেপি জিন্দাবাদ’ আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতি সৃষ্টি কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

পৰবৰ্তী সময়ত চামগুৰি থানাত বিজেপি দলৰ তিনি কৰ্মী ক্ৰমে হিৰণ্য বৰা, বাহাৰুল ইছলাম আৰু চিৰাজুল ইছ্লামে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে। এই এজাহাৰত কেইবাজনো কংগ্ৰেছী কৰ্মীৰ নাম অন্তৰ্ভুক্ত থকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

ইফালে কংগ্ৰেছ কৰ্মী নজবুল ইছ্লামেও শুকুৰবাৰে নিশাই মোৱামাৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

দুই পক্ষই দিয়া গোচৰ সমূহ চামগুৰি থানাত ৬৪৩/১৮ নম্বৰত পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে।