কৰিমগঞ্জত উত্তেজিত ৰাইজে জ্বলাই দিলে আৰক্ষী চকী; জ্বলি ছাই হয় মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত

Police Station burnt Down

উত্তেজিত জনতাই জ্বলাই দিয়া আৰক্ষী চকীটো।

আৰক্ষীৰ দাদাগিৰিৰ বিৰুদ্ধে গৰজি উঠা শ শ লোকে আজি কৰিমগঞ্জ জিলাৰ নিভিয়া আৰক্ষী চকী জ্বলাই দিয়ে। উত্তেজিত জনতাৰ অগ্নিসংযোগৰ ফলত আৰক্ষী চকীটোৰ তিনিটাকৈ গৃহ, আগ্নেয়াস্ত্ৰ, গুলীকে ধৰি জ্বলিল মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত, সাতখনকৈ মটৰ চাইকেল, এখন চাৰিচকীয়া বাহন।

ঘটনাৰ পিছতে আৰক্ষী চকীটোৰ বিষয়া নিখিল নাথক নিলম্বন কৰা হয়। আনপিনে আৰক্ষীৰ গুলী চালনাত মুন চৌহান নামৰ এজন আহত হয়।

জানিব পৰামতে, যোৱা দুদিনৰ পৰা নিভিয়াত নৌকা পূজা চলি আছিল। কিন্তু ৰাইজৰ অভিযোগমতে, পূজাথলীত আৰক্ষীয়ে সুৰামত্ত হৈ উদ্ভণ্ডালি কৰে। কীৰ্তনৰ মাইক কাঢ়ি নিজে গান গাবলৈ ধৰে। অভিযোগ অনুসৰি আৰক্ষী চকীৰ বিষয়া নিখিল নাথে মেলাৰ ব্যৱসায়ীৰ পৰা অবৈধভাৱে ধনো সংগ্ৰহ কৰে। এই সমস্ত ঘটনা একাংশ যুৱকে কেমেৰাত বন্দী কৰি ৰাখে।

আৰক্ষীৰ উদ্ভণ্ডালিক কেন্দ্ৰ কৰি যোৱা নিশাৰ পৰাই কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিভিয়া এলেকাত বিৰাজ কৰি আছিল তীব্ৰ উত্তেজনা।

আজি আৰক্ষীৰ লোকসকলে উত্তেজিত ৰাইজক চম্ভালিবলৈ প্ৰথমে লাঠী চালনা কৰে আৰু পিছত তিনি ৰাউণ্ড গুলী ফুটায়। গুলীৰ আঘাতত কেইজনমান নিৰীহ লোক আহত হয় বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতেই স্থানীয় ৰাইজ উত্তেজিত হৈ আৰক্ষী চকীটোলৈ গৈ অগ্নিসংযোগ কৰে। দপদপাই জ্বলি উঠা জুইত আৰক্ষী চকীটোৰ তিনিটাকৈ গৃহৰ উপৰি ভালেমান সা-সামগ্ৰী, মটৰচাইকেল ভস্মীভূত হয়। সম্পূৰ্ণ ক্ষয়-ক্ষতিৰ হিচাপ স্পষ্ট নহয় যদিও চকীটোত থকা মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকতো জ্বলি ছাই হয় বুলি জানিব পৰা গৈছে।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত কৰিমগঞ্জৰ জিলা উপায়ক্ত ফণীভূষণ ৰয়, দক্ষিণ ৰেঞ্জৰ ডি আই জি, আৰু আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয় উপস্থিত হয়।

প্ৰতিনিধি দলটোৱে স্থানীয় নেতৃস্থানীয় ব্যক্তি, ৰাজনৈতিক নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হৈ শান্তি-সম্প্ৰীতি সকলোকে বজাই ৰখাৰ আহ্বান জনায়।

আলোচনাত ঘটনাৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে প্ৰতিনিধি দলটোৱে। অভিযুক্ত আৰক্ষী বিষয়া নিখিল নাথক আৰক্ষী অধীক্ষকে তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰে।