NORTHEAST NOW (Assamese)

একতাই বল! অৰ্ধশতাধিক বান্দৰৰ আক্ৰমণত দিশহাৰা নাহৰফুটুকী

August 16, 2023 1:57 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 16, 2023 2:00 pm

সামাজিক মাধ্যমত সততে ভাইৰেল হৈ থকা বন্যপ্ৰাণীৰ কিছুমান ভিডিঅ’ই আমাৰ মনোজগত জোকাৰি তোলে। বণ্যপ্ৰাণীৰ বৈচিত্ৰ্যগত কিছুমান আচৰণে প্ৰায়ে আমাক ৰোমাঞ্চিত কৰে। এনে এক ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ভাইৰেল এই ভিডিঅ’টো দক্ষিণ আফ্ৰিকাৰ এক দুৰ্গম অঞ্চলৰ। ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে প্ৰায় ৫০ টা বান্দৰৰ আক্ৰমণত দিশহাৰা হৈ পৰা এটা নাহৰফুটুকীক।

এক পথৰ মাজত সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’টো লেটেষ্ট চাইটিংছৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে। ভিডিঅ’টো প্ৰথমে শ্বেয়াৰ কৰিছিল ৰিকি ডা ফনচেকাই।

ভিডিঅ’টোৰ আৰম্ভণিতে এটা নাহৰফুটুকীয়ে পথৰ কাষেৰে খোজ কাঢ়ি যোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। কিছু সময় পিছতে এদল বান্দৰৰ পথৰ মাজত আৱিৰ্ভাৱ হয়।

চিকাৰৰ সন্ধানত আত্মবিশ্বাসী নাহৰফুটুকীটোৱে বান্দৰৰ গোটটোক আক্ৰমণৰ চেষ্টা চলায়। পিছে পিছমুহূৰ্ততে ভুল ভাগিল নাহৰফুটুকীটোৰ। আত্মবিশ্বাসে নাহৰফুটুকীলৈ আনিলে বিপদহে।

প্ৰথম অৱস্থাত বান্দৰৰ দলটোৱে নিজৰ জীৱন ৰক্ষাৰ বাবে পলাই যোৱাৰ চেষ্টা চলাই যদিও হঠাতে ঘটে পট পৰিৱৰ্তন। বান্দৰবোৰে যেন বুজি পালে যে তেওঁলোকৰ সংখ্যাত শক্তি আছে আৰু এই শক্তিৰেই শত্ৰুক ভেটিব পাৰে।

তাৰ পিছতেই পলাবলৈ দৰা বান্দৰবোৰ অতৰ্কিতে ঘূৰি আহে আৰু জপিয়াই পৰে নাহৰফুটুকীটোৰ ওপৰত। দলীয় শক্তিৰে দলটোৱে নাহৰফুটুকীটোৰ ওপৰত নিৰ্দয় আক্ৰমণ চলালে।

নাহৰফুটুকীটোৱে প্ৰথমে বান্দৰৰ আক্ৰমণক শক্তিশালীভাৱে প্ৰত্যাহ্বান জনায় যদিও পিছলৈ একেলগে অৰ্ধশতাধিক বান্দৰৰ আক্ৰমণ সহ্য কৰিব পৰা শক্তিৰ অভাৱত পৰে।

বাঘ আৰু বান্দৰৰ এই মহাৰণৰ ফলত পথটোৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল। অৱশ্যে আক্ৰমণত দিশহাৰা নাহৰফুটুকীটো যুঁজ এৰি পলায়ন কৰে আৰু বান্দৰৰ জাকটোৱে পিছে পিছে খেদি যোৱাৰ পিছত স্থবিৰ হৈ পৰা যাতায়ত পুনৰ আৰম্ভ হয়।

এই ভিডিঅ’টো যোৱা ১৫ আগষ্টত শ্বেয়াৰ কৰা হৈছিল। ইতিমধ্যে লক্ষ্যাধিক লোকে দৰ্শন কৰিছে ভিডিঅ’টো। সমান্তৰালভাৱে নানা কমেণ্টেৰে ভৰাই তুলিছে ভিডিঅ’ৰ তলৰ কমেণ্টবক্স।

 

Related News