• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

নন-মেলান’মা বা ছালৰ কেঞ্চাৰ : কাৰণ, লক্ষণ, চিকিৎসা আৰু প্ৰতিকাৰ

 ডাঃ বিক্ৰম কুমাৰ ডেকা।  by  ডাঃ বিক্ৰম কুমাৰ ডেকা। 
August 16, 2023 2:42 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে ছালৰ এবিধ কৰ্কটৰোগ মেলান’মাৰ বিষয়ে কিছু কথা আপোনালোকক জনাইছোঁ। এইবাৰ ছালৰ কৰ্কটৰোগৰে আন এটি ভাগ-নন-মেলান’মাৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছো। নন-মেলান’মা হৈছে কেইবাবিধো কেঞ্চাৰৰোগৰ সংমিশ্ৰণত গঢ় লৈ উঠা কেঞ্চাৰ, মেলান’মাৰ তুলনাত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি হয় আৰু ইয়াৰ বিষয়ে কমকৈ জনা যায়৷ ফলত ই প্ৰাণঘাতী হ’ব পাৰে। নন-মেলন’মা-অৰ্থাৎ ই মেলান’মা নহয় আৰু ইয়াৰ প্ৰকাৰ আৰু প্ৰসাৰৰ পৰিধি বিশাল।

লগতে পঢ়কঃ ছালৰ কৰ্কটৰোগ বা মেলান’মা কি?

Apply Now

নন মেলান’মা ছালৰ কৰ্কটৰোগ সাধাৰণতে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পোহৰত অধিক সময় কটালে হোৱাৰ সম্ভাৱনা বেছি হয়। এই অতি বেঙুনীয়া ৰশ্মি মেলান’মাৰো কাৰণ(পূৰ্বে উল্লেখ কৰা হৈছে)। আনহাতে যিবোৰ মানুহৰ বিভিন্ন কাৰণত(অংগ সংৰোপন,এইডছ আই ভি আদি) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে বা অৱদমিত হৈছে-তেওঁ‌লোকৰো নন-মেলান’মা ছালৰ কৰ্কটৰোগ হোৱাৰ সম্ভাৱনা অধিক থাকে। 

নন-মেলান’মা ছালৰ কৰ্কটৰোগৰ পৰিসৰ বিশাল বাবে ইয়াৰ ভিতৰত মেলান’মাৰ তুলনাত ছালত হ’ব পৰা বিভিন্ন কেঞ্চাৰ পৰে। সেয়ে এই কেঞ্চাৰ ৰোগৰ অধিক প্ৰকাৰো অধিক আৰু ইয়াৰ লক্ষণ সমূহো সেয়ে অধিক। ইয়াৰ প্ৰকাৰ কেইবিধমান হৈছে,যেনে- 

১)বেইছেল চেল কাৰ্চিন’মা – বেইছেল চেল কাৰ্চিন’মা অৰ্থাৎ কেঞ্চাৰ ৰোগত সাধাৰণতে গুলপীয়া বা বগা মমৰ দৰে গুটি গুটি ছালত দেখা দিয়ে। কেতিয়াবা যদি পৰিস্কাৰ হয় আন কেতিয়াবা খহটা হয়। ইয়াৰ কোনো কোনো অংশত ডাঠ ৰঙৰ দৰে দেখা যাব পাৰে আৰু ই আকাৰত বৃদ্ধি পায়। কেতিয়াবা ইয়াৰ পৰা কোনো বিষ আদি নোহোৱাকৈ ৰক্তক্ষৰণো হোৱা দেখা যায়। এই কৰ্কটৰোগ দেহৰ আন অংশলৈ নিবিয়পে। 

২)স্ক’মাছ চেল কাৰ্চিন’মা – এইবিধ কেঞ্চাৰৰোগত ছালত ডাঠ আৰু টান গুলপীয়া ৰঙৰ টেমুনা দেখা যায়। যাৰ ওপৰৰ অংশৰ পৰা কেতিয়াবা এক শুঙৰ দৰে টান অংশও ওলাই থাকিব পাৰে। এই টেমুনা স্পৰ্শ কৰিলে কোমল যেনেই লাগে আৰু সহজেই ৰক্তক্ষৰণ হোৱাৰ লগতে,ভৱিষ্যতলৈ ঘাঁ‌ বা আলচাৰ হোৱাৰ সম্ভাৱনা থাকে। 

লগতে পঢ়কঃ কেঞ্চাৰৰ ৰ’ব’টিক শল্য চিকিৎসা : ডাঃ বিক্ৰম কুমাৰ ডেকা

এতিয়া আহিছো নন মেলান’মা ছালৰ কৰ্কটৰোগ কাৰ ক্ষেত্ৰত হোৱাৰ সম্ভাৱনা থাকে সেই দিশলৈ – 

১) যদিহে আপোনাৰ পূৰ্বে নন-মেলান’মা হৈছিল

২)যদিহে আপোনাৰ নিকটাত্মীয় কাৰোবাৰ নন-মেলান’মা হৈছিল

৩) ছালৰ শুভ্ৰ ৰঙ,আপোনাৰ দেহত যদি ফ্ৰেকলছ্ বা তিলজাতীয় দাগ আছে 

৪) অধিক সময় সূৰ্যৰ প্ৰখৰ ৰশ্মিত থকাৰ অভ্যাস 

৫) দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ দুৰ্বলতা 

৬) এনে কিছু স্বাস্থ্যজনিত সমস্যা,যিয়ে দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক অৱদমিত কৰি ৰাখে। 

নন-মেলান’মাৰ পৰা নিজকে বচাই ৰাখিবলৈ কিছুমান সাৱধানতা নিজেই অৱলম্বন কৰিব পাৰি। যেনে – 

১) দিনৰ ১০বজাৰ পৰা ৪বজালৈকে সূৰ্যৰ প্ৰখৰ বেঙুনীয়া ৰশ্মিৰ পৰা দূৰৈত থকা ।

২) বাহিৰলৈ ওলালে সূৰ্যৰ ৰশ্মিৰ পৰা বাচি থাকিব পৰা সামগ্ৰী(ছানস্ক্ৰীণ,ছাতি,ইত্যাদি)দেহত ব্যৱহাৰ কৰা।

৩) দেহৰ হাত,মুখ,ডিঙি আদি সূৰ্যৰ ৰশ্মিৰ পৰা বচাই ৰখা

 ৪)নিজৰ দেহৰ ছাল এটা নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া শিকা।

৫)চিকিৎসকৰ পৰামৰ্শ লোৱা।

 এতিয়া আহিছোঁ, নন-মেলান’মা ছালৰ কৰ্কটৰোগৰ কিছু লক্ষণৰ কথালৈ। দেহত নন-মেলান’মা আৰম্ভ হ’লে তলত দিয়া ধৰণৰ লক্ষণসমূহ দেখা দিয়ে – 

১) বহু সপ্তাহলৈকে মুকলি হৈ থকাৰ লগতে ইয়াৰ পৰা তেজো ওলাই থকা মুকলে ঘাঁ।

২) ছালৰ ৰঙচুৱা,বা ৰঙা খহটা অংশ-যি খজুৱাব পাৰে,পিছে অতি কাচিত হে কষ্ট অনুভৱ কৰে। 

৩) উজ্জ্বল গুলপীয়া,ৰঙা বা বগা ৰঙৰ ওখহা অংশ ৪)ভালদৰে পৰিসীমা নথকা ঘাঁ‌ৰ দৰে অংশ। 

৫) আচিনাইৰ দৰে গঠন ।

৬) ডাঠ আৰু টান গুলপীয়া ৰঙৰ টেমুনা 

৭) সহজে এনে ধৰণৰ টেমুনাৰ পৰা ৰক্তক্ষৰণ হোৱা 

৮) দীৰ্ঘকালৰ বাবে ভাল নোহোৱা মুকলি ঘাঁ‌। 

উপৰোক্ত লক্ষণসমূহ দেখা দিলে ততালিকে বিভাগীয় চিকিৎসকৰ ওচৰ চাপক। উপৰোক্ত লক্ষণবোৰ বেইছেল চেল কাৰ্চিন’মা,স্ক’মাছ চেল কাৰ্চিন’মা আদিত দেখা যায়-যি নন-মেলান’মাৰ সমষ্টি। চিকিৎসকে সাধাৰণতে কেঞ্চাৰ সন্দেহ কৰিলে-বায়’পছিৰ পৰামৰ্শ প্ৰদান কৰে। 

নন-মেলান’মা ছালৰ কৰ্কটৰোগৰ তিনিবিধমান বায়’পছি কৰা যায়। যেনে – 

১) চেভ বায়পছি ।

২) পাঞ্চ বায়পছি ।

৩)এক্সেচনেল বায়’পছি। 

বায়’পছিত ধৰা পৰিলে,পৰৱৰ্তী সময়ত যাৱতীয় চিকিৎসা প্ৰদান কৰা হয়। যেনে – 

১) ৰেডিঅ’থেৰাপী ।

২) ফ’ট’ডায়নামিক থেৰাপী। 

৩) অস্ত্ৰোপচাৰ। 

৩) টাৰ্গেটেড কেঞ্চাৰ থেৰাপী। 

৪) ৰেডিয়েচন থেৰাপী। 

৫) ইমিউন’থেৰাপী ইত্যাদি। 

গতিকে, আপোনাৰ দেহতো যদি এনে যিকোনো লক্ষণ বা কাৰকে দেখা দিয়ে,ততাতৈয়াকৈ চিকিৎসকৰ কাষ চাপক আৰু প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰক। সোনকালে ৰোগ নিৰ্ধাৰণ হ’লে চিকিৎসাও সেই অনুপাতে সহজ আৰু অধিক ফলপ্ৰসূ হয়। 

 ডাঃ বিক্ৰম কুমাৰ ডেকা। 

(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী) 

 ফোনঃ- ৯৫৬০৬৩০২০৫

 ডাঃ বিক্ৰম কুমাৰ ডেকা। 

 ডাঃ বিক্ৰম কুমাৰ ডেকা। 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd