ছন্দ বিচাৰি পালে কোহলীয়ে! ৩ বছৰৰ পিছত টেষ্টত শতক; গঢ়িলে কেইবাটাও অভিলেখ

আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

অৱশেষত বিৰাট কোহলীয়ে আহমেদাবাদত ছন্দ বিচাৰি পালে। ৩ বছৰ ৪ মাহৰ পিছত তেওঁ টেষ্ট ক্ৰিকেটত পুনৰ এটা শতকৰ মুখ দেখিলে। বিৰাটে শেষবাৰৰ বাবে ২০১৯ চনৰ নৱেম্বৰত টেষ্ট শতক অৰ্জন কৰিছিল। সেইবাৰ কলকাতাৰ ইডেন গাৰ্ডেনত বাংলাদেশৰ বিৰুদ্ধে দিবা-নিশাৰ টেষ্টত কোহলীয়ে ১৩৬ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলিছিল।

তেতিয়াৰ পৰা, বিৰাটে ৪১ টা টেষ্ট ইনিংছত ছয়টা অৰ্ধ-শতক অৰ্জন কৰিছে যদিও তিনিটা সংখ্যাৰ ঘৰত উপনীত হ’বলৈ সক্ষম হোৱা নাই। অৱশেষত, ৪২ তম ইনিংছত তেওঁ শতকৰ মুখ দেখিলে।

কোহলীয়ে আহমেদাবাদ টেষ্টৰ প্ৰথম ইনিংছত পাঁচটা বাউণ্ডেৰীৰ সহায়ত ২৪১ টা বলত ব্যক্তিগত শতক সম্পূৰ্ণ কৰে। চতুৰ্থ দিনা মধ্যাহ্ন ভোজনৰ পিছত বিৰাটে ভাৰতীয় ইনিংছৰ ১৩৮.২ অভাৰত লিয়’নৰ বলত ১ ৰাণ লৈ শতক সম্পূৰ্ণ কৰে।

আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

কোহলীয়ে তেওঁৰ টেষ্ট কেৰিয়াৰৰ ২৮ তম শতক সম্পূৰ্ণ কৰিলে। সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰা ক্ৰিকেটাৰসকলৰ তালিকাত তেওঁ দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথ আৰু অষ্ট্ৰেলিয়াৰ এলান বৰ্ডাৰক অতিক্ৰম কৰে। এই ক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়াৰ মাইকেল ক্লাৰ্ক আৰু দক্ষিণ আফ্ৰিকাৰ হাছিম আমলাক স্পৰ্শ কৰে।

লক্ষণীয় যে গ্ৰেম আৰু বৰ্ডাৰে টেষ্টত ২৭ টা কৈ শতক অৰ্জন কৰিছে। আনহাতে, ক্লাৰ্ক আৰু আমলাই কোহলীৰ দৰে ২৮ টা টেষ্ট শতক অৰ্জন কৰিছে।

এইটো তিনিওটা ফৰ্মেটত কোহলীৰ ৭৫ তম আন্তৰ্জাতিক শতক। কোহলী শচীনৰ ১০০ টা শতকৰ পৰা ২৫ খোজ দূৰত আছে। কোহলীয়ে ইতিমধ্যে সকলো ফৰ্মেটত সৰ্বোচ্চ আন্তঃৰাষ্ট্ৰীয় শতকৰ তালিকাত দ্বিতীয় স্থান দখল কৰিছে। সৰ্বাধিক সংখ্যক টেষ্ট শতকৰ তালিকাত বিৰাট যুটীয়াভাৱে ১১ নম্বৰ স্থানত আছে। সকলোৱে জানে যে শচীনে সৰ্বাধিক ৫১ টা টেষ্ট শতক অৰ্জন কৰিছে।

আহমেদাবাদ টেষ্টত শতক অর্জন ককৰা মুহূৰ্তত বিৰাট কোহলী। ফটো: বিচিচিআই টুইটাৰ

ইপিনে, ঘৰুৱা খেলপথাৰত এইটো কোহলীৰ চতুৰ্দশ টেষ্ট শতক। ঘৰুৱা মাটিত ৫০ তম টেষ্টৰ ৭৭ তম ইনিংছত কোহলীয়ে তেওঁৰ চতুৰ্দশ শতক অৰ্জন কৰিছে।

সেইদৰে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত এইটো কোহলীৰ ৮ম শতক। এই ক্ষেত্ৰত, তেওঁ সুনীল গাভাস্কাৰক স্পৰ্শ কৰিছে। শচীন তেণ্ডুলকাৰে ভাৰতীয়সকলৰ মাজত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ১১ টা টেষ্ট শতক অৰ্জন কৰিছে। তিনিওটা ফৰ্মেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইটো কোহলীৰ ১৬তম আন্তঃৰাষ্ট্ৰীয় শতক।