NORTHEAST NOW (Assamese)

সুখী দম্পত্তি! পত্নী অনুষ্কা শৰ্মাৰ এটা বহুদিনীয়া সপোন পূৰণ কৰিলে স্বামী বিৰাট কোহলীয়ে

April 4, 2021 4:26 pm · এন ই নাও নিউজ

ক্ৰিকেট তাৰকা বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সুখী পাৰিবাৰিক জীৱনৰ অন্যতম কাৰণ হৈছে যে তেওঁলোক দুয়োৱে জীৱ-জন্তু ভাল পায়।

অনুষ্কাই প্ৰায়ে জীৱ-জন্তু সৰুক্ষাৰ অধিকাৰত মাত মাতি আহিছে।

অভিনেত্ৰীগৰাকীৰ এটা সপোন আছিল যে এদিন তেওঁ এটা জীৱ-জন্তু সৰুক্ষাৰ বাবে আশ্ৰয়শিবিৰ খুলিব, য’ত ৰাস্তাই-ঘাটে ঘূৰা ফুৰা গৰাকীবিহীন কুকুৰ-মেকুৰিবোৰে ভালদৰে জীয়াই থাকিব পাৰিব।

কিছুদিনৰ পূৰ্বে সংবাদ মাধ্যমে জানিব পাৰিছিল অনুষ্কাই মুম্বাইৰ পাৰ্শ্বৱৰ্তী এটা অঞ্চলত গৰাকীবিহীন জীৱজন্তুৰ বাবে এটা আশ্ৰয়শিবিৰ খোলাৰ প্ৰস্তুতি চলাই আছে।

এইক্ষেত্ৰত তেওঁৰ স্বামী তথা ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে পূৰ্ণ সহযোগ আগবঢ়ায়।

দেওবাৰে বিশ্ব গৰাকীবিহীন জীৱ-জন্তু দিৱস উপলক্ষে কোহলীয়ে তেওঁৰ ‘বিৰাট কোহলী ফাউণ্ডেচন’ৰ হৈ আশ্ৰয়শিবিৰৰ প্ৰকল্পটো মুকলি কৰে।

এইক্ষেত্ৰত তেওঁক সহযোগ কৰে- ‘ভিভাল্ডিজ এনিমেল হেল্থ’ আৰু ‘আৱাজ, ভইচ অৱ  ষ্ট্ৰে’ এনিমেলছ’-এ।

‘ভিভাল্ডিঝ এনিমেল হেল্থ’ হৈছে গৰাকীবিহীন জীৱ-জন্তুবিলাকৰ স্বাস্থ্যসেৱাৰ বাবে লণ্ডন বিজনেছ স্কুলৰ এজন প্ৰাক্তন ছাত্ৰ কুণাল খান্নাই প্ৰতিষ্ঠা কৰা এটা সংস্থা।

আনহাতে ‘আৱাজ, ভইচ অৱ ষ্ট্ৰে’ এনিমেলছ’ হৈছে মুম্বাইস্থিত এটা বেচৰকাৰী সংস্থা।

সংস্থাটোৱে ইতিমধ্যে মুম্বাইত দুখনকৈ জীৱজন্তু সুৰক্ষাৰ আশ্ৰয়স্থল স্থাপন কৰিছে।

বিষয়টো সন্দৰ্ভত বিৰাট কোহলীয়ে টুইটাৰৰ জৰিয়তে নিজৰ আনন্দ প্ৰকাশ কৰিছে।

তেওঁ ইয়াৰ বাবে পত্নী অনুষ্কা শৰ্মাক ধন্যবাদ জনায়।

কোহলীয়ে কয় যে গৰাকীবিহীন জীৱ-জন্তুৰ প্ৰতি থকা অনুষ্কাৰ আৱেগে তেওঁৰ হৃদয় স্পৰ্শ কৰিছে।

আশ্ৰয়শিবিৰখন তেওঁলোকৰ সপোনৰ এটা প্ৰকল্প বুলি অভিহিত কৰি কোহলীয়ে কয় যে যেতিয়াৰে পৰা তেওঁ অনুষ্কাক লগ পালে, তেতিয়াৰে পৰা জীৱজন্তু অধিকাৰ আৰু সিহঁতৰ চিকিৎসাৰ গুৰুত্বতাৰ বিষয়ে ভালদৰে বুজিব পাৰিলে।

তেওঁলোকৰ প্ৰকল্প অনুযায়ী মুম্বাইৰ পাৰ্শ্বৱৰ্তী মালাড় আৰু বইছাৰ অঞ্চলত দুখনকৈ আশ্ৰয়শিবিৰ মুকলি কৰা হ’ব।

উল্লেখযোগ্য যে ‘বিৰাট কোহলী ফাউণ্ডেচন’ৰ দ্বাৰা ক্ৰিকেটাৰজনে দেশজুৰি প্ৰতিভাৱান ক্ৰীড়াবিদসকলক সহায়-সহযোগ কৰি আহিছে।

অনাগত ভৱিষ্যতত এই ফাউণ্ডেচনৰ দ্বাৰা ক্ৰিকেটাৰজনে দেশখনৰ শৈক্ষিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰকল্প হাতত ল’ব বুলি জানিব পৰা গৈছে।

Related News