ভাৰত-দক্ষিণ আফ্ৰিকাৰ তৃতীয় টি-২০ত বিশ্ৰাম কোহলীক: আয়াৰক মূল একাদশত অন্তৰ্ভুক্তিৰ সম্ভাৱনা

Kohli

ভাৰতীয় দলৰ বেটিং বিভাগৰ মেৰুদণ্ডস্বৰূপ তাৰকা বেটাৰ বিৰাট কোহলীক মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত বিশ্ৰাম দিয়া হ’ব। ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া মেচখনত কোহলী দলত নাথাকে বুলি জানিবলৈ দিছে বিচিচিআইৰ এগৰাকী বিষয়াই।

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় মেচত জয়ৰ পাছতে কোহলীয়ে আজি পুৱা ইন্দোৰৰ পৰিৱৰ্তে মুম্বাইলৈ উৰা মাৰে। চলিত শৃংখলাটোৰ পিছতে কোহলীয়ে মুম্বাইত ভাৰতীয় দলৰ সৈতে লগ লাগিব আৰু টি-২০ বিশ্বকাপৰ বাবে ৬ অক্টোবৰত অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব।

উল্লেখ্যে যে বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয়খন মেচত দেওবাৰে ভাৰতৰ জয়ত কোহলীয়েও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। মাত্ৰ ২৮ টা বলত অপৰাজিত ৪৯ ৰাণ সংগ্ৰহ কৰি অপৰাজিত আছিল তাৰকাগৰাকী।

দীৰ্ঘদিন ধৰি ফৰ্মহীনতাত ভূগি থকা কোহলীয়ে কিছুদিন পূৰ্বে অনুষ্ঠিত হোৱা এছিয়া কাপৰ সময়তে নিজৰ স্বভাৱসিদ্ধ ফৰ্মলৈ উভতি আহে। ফৰ্ম ঘূৰাই পোৱাৰ পিছতে তাৰকাগৰাকীয়ে এছিয়া কাপৰ পৰা বৰ্তমানলৈকে ১০ টা ইনিংছত ১৪১.৭৫ ষ্ট্ৰাইক ৰেটেৰে তিনিটা অৰ্ধশতক আৰু এটা শতকসহ ৪০৪ ৰান সংগ্ৰহ কৰিছে।

ইফালে কোহলীৰ অনুপস্থিতিত কাইলৈ অনুষ্ঠিত হ’বলগীয়া মেচখনত শ্ৰেয়স আয়াৰক মূল একাদশত অন্তৰ্ভুক্ত কৰা হ’ব বুলি বিচিচিআইৰ এক সূত্ৰই জানিবলৈ দিছে। আয়াৰ প্ৰথমে শৃংখলাটোৰ বাবে নিৰ্বাচিত হোৱা নাছিল যদিও আঘাতপ্ৰাপ্ত দীপক হুডাৰ স্থানত দললৈ আমন্ত্ৰিত হৈছিল।