এদিনীয়া ক্ৰিকেটত ভাৰতীয় বেটছমেনৰ দপদপনি; ৰেংকিঙৰ শীৰ্ষত কোহলী-ৰোহিত

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বেটছমেনৰ ৰেংকিঙত ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে শীৰ্ষস্থান অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।

এই ৰেংকিঙৰ দ্বিতীয় স্থানত আছে ভাৰতৰ অন্যতম তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা।

বুধবাৰে প্ৰকাশিত তালিকাত কোহলী আৰু ৰোহিতৰ ৰেংকিং পইণ্ট ক্ৰমে ৮৭১ আৰু ৮৫৫। এই তালিকাত ৮৩৭ পইণ্টেৰে তৃতীয় স্থানত আছে পাকিস্তানৰ বাবৰ আজম।

চতুৰ্থৰ পৰা দশম স্থানলৈ আছে ক্ৰমে ৰ’ছ টেইলৰ, ফাফ ডুপ্লেছিছ, কেন উইলিয়ামছন, এৰণ ফিন্স, ডেভিড ৱাৰণাৰ, কুইণ্টন ডি কক আৰু জনী বেয়াৰষ্ট’।

আনহাতে বলাৰৰ ৰেংকিঙত ভাৰতৰ বেগী বলাৰ জছপ্ৰীত বুমৰাহ আছে দ্বিতীয় স্থানত। তালিকাৰ প্ৰথম প্ৰথম স্থানত আছে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট।

ব’ল্টৰ ৰেংকিং পইণ্ট হৈছে ৭২২ আৰু বুমৰাহৰ হৈছে ৭১৯। মুজিবৰ ৰহমান আছে তৃতীয় স্থানত।

শীৰ্ষ দহৰ ভিতৰত বুমৰাহেই একমাত্ৰ ভাৰতীয়।

আনহাতে অলৰাউণ্ডাৰৰ ৰেংকিঙত ভাৰতৰ ৰবীন্দ্ৰ জাদেজা আছে নৱম স্থানত।