এইবাৰ ভক্তৰ ৰোষত পৰিল বিৰাট কোহলীও,কি অপৰাধ কৰিলে কোহলীয়ে?

এইবাৰ ভক্তসকলৰ পৰা সাৰি নগ’ল বিৰাট কোহলীও।

শেহতীয়াকৈ টীম ইণ্ডিয়াৰ অধিনায়কজনে টি২০ বিশ্বকাপত ব্যস্ত হৈ আছে। তাৰ মাজতে তেওঁ এটা বিশেষ সজাগতা অভিযানো আৰম্ভ কৰিছে। অভিযানটো হৈছে এটা ‘পৰিপূৰ্ণ দিৱালী উদযাপন’ৰ বাবে তেওঁ সপ্তাহজোৰাকৈ কিছু টিপছ প্ৰদান কৰিব।

প্ৰিণ্টাৰেষ্টৰ সহযোগত তেওঁ এটা নিজে কৰা ভিডিঅ’ত এই কথা জনাইছে। ভিডিঅ’টো তেওঁৰ অফিচিয়েল টুইটাৰতো শ্বেয়াৰ কৰা হৈছে।

তাত তেওঁ কৈছে যে চলিত বৰ্ষটো সমগ্ৰ বিশ্ব আৰু বিশেষকৈ ভাৰতীয়সকলৰ বাবে কঠিন সময়। এই সময়ছোৱাত দিৱালীৰ দৰে উৎসৱৰ মহত্ব আছে। সেয়ে আত্মীয় তথা পৰিয়ালবৰ্গৰ স’তে উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ কোহলীয়ে আহ্বান জনায়।

তাৰপাছতে টুইটাৰত ভিডিঅ’টো ভাইৰেল হৈ পৰে। হিন্দুত্ববাদী তথা ভক্তসকলৰো চকুত পৰে ভিডিঅ’টো। তৎক্ষণাৎ তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লয় কোহলীক। টুইটাৰত Suno Kohliৰ উপৰিও bhok mat kohli হেছটেগেৰে অভব্য আচৰণো কৰে ভক্তসকলে। হেছটেগ দুটা ট্ৰেণ্ডিঙত অহা দেখা যায়।

তাত তেওঁলোকে প্ৰশ্ন কৰে যে কোহলীয়ে কিয় হিন্দু উৎসৱৰ বিষয়ে কথা ক’ব? আনকি বহুতো ভক্তই কোহলীৰ আহ্বানটোক সাম্প্ৰদায়িক ৰূপো দিয়ে। তেওঁলোকে কয় যে ফটকা-বোমা পৰিহাৰ কৰি পৰিৱেশ সুৰক্ষাৰ কথা কোৱা ক্ৰিকেটাৰজনে কিয় মুছলমানসকলৰ ঈদক লৈ একো নকয়।

যোৱা বৰ্ষও কোহলীয়ে দিৱালীৰ আগে আগে অনুৰাগীসকলক এটা বিশেষ আহ্বান জনাইছিল। সেয়া হৈছে দিৱালীৰ দিনা যাতে সকলোৱে পৰিৱেশ বিনষ্টকাৰী ফটকা-বোমা নুফুটোৱাকৈ উৎসৱৰ আনন্দ উপভোগ কৰে। সেইবাৰো ভক্তসকলে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

উল্লেখযোগ্য যে দিৱালীৰ দিনা ফটকা-আতচবাজী জ্বলোৱাৰ ফলত পৰিৱেশ প্ৰদূষিত হোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয়। এনেধৰণৰ এটা বিষয়ত জড়িত হৈ পৰাটোৱে কোহলীৰ সমাজ সচেতনতাকে প্ৰতিফলন কৰিছে। কিন্তু যিকোনো কথাকে সাম্প্ৰদায়িক ৰূপ দিয়াত সিদ্ধহস্ত ভক্তসকলৰ প্ৰতিক্ৰিয়াই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।