বিশাল শ্বপিং মলত কেৰিবেগৰ নামত ধন সংগ্ৰহ; ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ সকীয়নি

ৰাজ্যৰ বিভিন্ন জিলাত থকা শ্বপিং মলসমূহে  উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি অবৈধভাৱে কেৰিবেগৰ নামত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰা বুলি প্ৰায়ে অভিযোগ উত্থাপন হয়।

তেনে এক অভিযোগ উত্থাপন হয় শিৱসাগৰ জিলাৰ এ টি ৰোডত থকা বিশাল শ্বপিং মলৰ বিৰুদ্ধে। গ্ৰাহকৰ পৰা কেৰিবেগৰ নামত ধন লোৱাৰ অভিযোগৰ ভিত্তিত আজি ৩১ টা জাতীয় সংগঠন একত্ৰিত হৈ গঠিত হোৱা ঐক্যবদ্ধ সংগ্ৰামী মঞ্চই আজি বিশাল শ্বপিং মলত উপস্থিত হয়।

মঞ্চই শ্বপিং মলটোত উপস্থিত হৈ ঘটনাৰ বুজ লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি গ্ৰাহকৰ পৰা কেৰিবেগৰ নামত অতিৰিক্ত ধন সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মলটোৰ পৰিচালকক সকীয়নি প্ৰদান কৰে।

 লগতে এই বিষয়ত মলটোৰ পৰিচালকৰ লগত ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ হৈ চিতু বৰুৱা, মানস কোঁৱৰৰ লগতে বহুকেইজন বিষয়ববীয়াই আলোচনা কৰে আৰু বিশাল কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত ঊৰ্ধ্বতন কৰ্তৃপক্ষত অৱগত কৰাৰ আশ্বাস প্ৰদান কৰে।

আনহাতে আলোচনাত ঐক্যবদ্ধ সংগ্ৰামী মঞ্চই স্পষ্টভাৱে ঘোষণা কৰে যে বিশাল শ্বপিং মলে যদি ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি পুনৰ এনেদৰে কেৰিবেগৰ নানত ধন সংগ্ৰহ কৰে তেন্তে ঐক্যবদ্ধ সংগ্ৰামী মঞ্চ ন্যায়ালয়ৰ কাষ চাপিব।