চৰকাৰে আপোনাৰ ভ্ৰমণৰ খৰচ বহন কৰিব যদিহে আপুনি কৰে এই কাম

Hill-Stations-Holidays

ফটো: Tourmyindia.comৰ সৌজন্যত

ভাৰতৰ বিভিন্ন পৰ্যটনস্থলী দৰ্শনৰ বাবে ভ্ৰমণ বিলাসী সকলক উৎসাহিত কৰাৰ বাবে পৰ্যটন মন্ত্ৰ্যালয়ে জানুৱাৰিত ‘দেখো মেৰা দেশ’ অভিযান মুকলি কৰিছিল।

উৰিষ্যাত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যটন সন্মিলনত এই ঘোষণা কৰা হৈছিল।

এই অভিযানৰ অধীনত পৰ্যটন মন্ত্ৰ্যালয়ে এগৰাকী ব্যক্তিক যদি তেওঁ ২০২০চনৰ ভিতৰত ১৫টা পৰ্যটনস্থলী ভ্ৰমণ কৰে তেনেহ’লে ভ্ৰমণৰ খৰচ উভতাই দিব।

ভ্ৰমণ ব্যয় উভতাই পাবৰ বাবে আপুনি পৰ্যটন মন্ত্ৰ্যালয়ৰ ৱেবছাইটত আপোনাৰ ভ্ৰমণৰ ফটো দাখিল কৰিব লাগিব।

এই ভ্ৰমণৰ বাবে যোগ্যতা আহৰণৰ বাবে আপুনি গৃহ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰিব লাগিব। ভ্ৰমণক এক বৃত্তি হিচাপে ল’ব বিচৰা লোকৰ বাবে চৰকাৰে চাৰ্টিফিকেট কোৰ্ছো আগবঢ়াব।

দেখো অপনা দেশ অভিযানত কেনেকৈ অংশ ল’ব চাওক:

Step 1: mygov.in পেইজত যাওক

Step 2: ভাষা নিৰ্বাচন কৰক-হিন্দী/ইংৰাজী

Step 3: অংগীকাৰ লওক

Step 4: মোবাইল টেক্সট বা ই-মেইলত লাভ কৰিব এখন প্ৰমান পত্ৰ

উল্লেখযোগ্য যে ইয়াত ‘দেখো অপনা দেশ’ এটা অংগীকাৰ আছে। mygov ৱেবছাইটত কৈছে: ‘নাগৰিকসকলক ‘দেখো অপনা দেশ’ অংগীকাৰৰ প্ৰতি উৎসাহিত কৰি তুলিবলৈ পৰ্যটন মন্ত্ৰ্যালয়ে পুৰষ্কাৰ ঘোষণা কৰিছে য’ত অংগীকাৰ লোৱা প্ৰতি ১০,০০০ য়ুজাৰৰ মাজৰ পৰা ৫০জনক অতুল্য ভাৰতৰ ব্ৰেণ্ডেড মাৰ্চেনডাইজড টকেন প্ৰদান কৰা হ’ব।‘

যিসকল নাগৰিকে অংগীকাৰবদ্ধ হয় তাৰ মাজৰ পৰা ছিষ্টেমৰ জৰিয়তে ছেগাছোৰাকাকৈ নিৰ্দিষ্ট নাগৰিক কেইজনক নিৰ্বাচন কৰা হ’ব।