NORTHEAST NOW (Assamese)

পজিটিভ এনাৰ্জী! কেবিচিত ১ কোটি টকা জিকিলে দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই

September 1, 2021 11:49 am · এন ই নাও নিউজ
কেবিচিত হিমানী বুন্দেলা।

ছ’নী টিভিৰ জনপ্ৰিয় গেম শ্ব’ কৌন বনেগা ক্ৰোড়পতি (কেবিচি)ৰ ১৩ সংখ্যক সংস্কৰণত এক কোটি টকা জিকিলে আগ্ৰাৰ দৃষ্টিহীন শিক্ষয়িত্ৰী হিমানী বুন্দেলাই। তেওঁ লগতে এখন গাড়ীও উপহাৰ হিচাপে লাভ কৰিছে।

হিমানীৰ সন্মুখত সাত কোটি টকা জিকাৰ সুযোগ আছিল যদিও আৰু ৰিস্ক ল’ব নিবিচাৰিলে দৃষ্টিহীন শিক্ষয়িত্ৰীগৰাকীয়ে।

সৰুৰে পৰা অধ্যয়নৰ প্ৰতি আগ্ৰহী হিমানীয়ে কেবিচিৰ শ্ব’ত জানিবলৈ দিছিল যে তেওঁৰ এই শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও অক্ষমতাৰ কাৰক হৈ পৰা নাই। নিজৰ অধ্যয়নৰ লগতে আনক পঢ়ুওৱাৰ দায়িত্বও তেওঁ সুকলমে চলাই গৈছে।

অমিতাভ বচ্চনৰ সৈতে প্ৰথম সাক্ষাতৰ অভিজ্ঞতা সম্পৰ্কে হিমানীয়ে কয় যে মই অকণো বিচল হৈ পৰা নাছিলো। অমিতাভ বচ্চনে সকলোবোৰ অত্যন্ত সহজ কৰি দিছিল। তেওঁৰ সন্মুখত আত্মবিশ্বাস আৰু বৃদ্ধি পাইছিল। তেওঁ ভীষণ শান্ত এগৰাকী মানুহ, তেওঁৰ ব্যৱহাৰো অত্যন্ত ভাল।

অমিতাভ বচ্চনৰ কণ্ঠ শুনিয়েই তেওঁ এনাৰ্জী লেভেল আৰু বৃদ্ধি পাইছিল বুলিও জানিবলৈ দিয়ে হিমানীয়ে।

আনহাতে, এই বিশাল ধনৰাশিৰে তেওঁ কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত হিমানীয়ে কয় যে তেওঁৰ ইচ্ছা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে এটা কোচিং চেন্টাৰ খুলিব।

জনপ্ৰিয় গেম শ্ব’ কৌন বনেগা ক্ৰোড়পতিয়ে ২১ বছৰ সম্পন্ন কৰিলে। ২০০০চনত কৌন বনেগা ক্ৰোড়পতি শ্ব’ৰ জৰিয়তে সৰু পৰ্দালৈ আহিছিল বিগ বি অমিতাভ বচ্চন। আৰম্ভণিৰে পৰা শ্ব’টোৰ সঞ্চালক হিচাপে আছে অমিতাভ। মাজতে এবাৰ মাথো শ্ব’টোৰ সঞ্চালক হিচাপে আচিল শ্বাহৰুখ খান।

২০০০চনৰ পৰা ২০০৭চনলৈকে ষ্টাৰ প্লাছত সম্প্ৰচাৰ হৈছিল কেবিচি। তেতিয়া ইয়াৰ প্ৰযোজনা কৰিছিল সমীৰ নায়াৰৰ টীমে। ২০১০চনৰ পৰা এই শ্ব’ ছনী টিভিলৈ আহে। লগে লগে ইয়াৰ প্ৰযোজক সংস্থাও সলনি হয়। এতিয়া শ্ব’টোৰ নতুন প্ৰযোজক হিচাপে আছে বিগ চিনাৰ্জী।

Related News