NORTHEAST NOW (Assamese)

তেজপুৰত পৰম্পৰাগত ধৰ্মীয় আচাৰেৰে বিশ্বখনিকৰ বিশ্বকৰ্মাক পূজা-অৰ্চনা

September 17, 2018 5:29 pm · মনিমালা বৰা

আজি বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্যজুৰি বিশ্বখনিকৰ গৰাকীক আৰাধনা কৰাৰ লগতে তেজপুৰতো বিশ্বকৰ্মা পূজাৰ ব্যাপক আয়োজন কৰা পৰিলক্ষিত হয়।

তেজপু্ৰৰ চৰকাৰী-বেচৰকাৰী প্ৰায় সকলোবোৰ উদ্যোগ-প্ৰতিষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সকলোৱে উলহ মালহেৰে বিশ্বকৰ্মা পূজা পালন কৰে।

অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰে। তেজপুৰ বিদ্যুৎ চক্ৰ, তেজপুৰ বিদ্যুৎ সংমণ্ডল, উপ-সংমণ্ডল ১ আৰু ২ পৰীক্ষণ আৰু স্থাপন সংমণ্ডল, মিটাৰ পৰীক্ষণ-পৰিৰ্দশন উপ-সংমণ্ডল, উদ্যোগী ৰাজহ সংগ্ৰহ ক্ষেত্ৰই সমূহীয়াভাৱে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰে।

বিভিন্ন কৰ্যসূচীৰে আয়োজন কৰা পূজা পুৱা ৯ বজাৰ পৰা আৰম্ভ হয়। ১২ বজাত পুষ্পাঞ্জলি প্ৰদান কৰে আৰু মংগল কামনা কৰি সকলোৱে আশীষ লয়। ইফালে সন্ধিয়া ৭ বজাৰ পৰা বিদ্যুৎ পৰিষদৰ কাৰ্যালয়ত  নাগাৰা নাম অনুষ্ঠিত হ’ব।

Related News