NORTHEAST NOW (Assamese)

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

January 27, 2021 3:04 pm · এন ই নাও নিউজ

তামিলনাডুৰ প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী জয়াললিতাৰ এসময়ৰ সংগী ভি কে শশীকলাক ৪ বছৰৰ পিছত কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে।

স্মৰ্তব্য যে, ভি কে শশীকলা ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত যোৱা চাৰি বছৰে বাংগালুৰুৰ পাৰাপ্পানা কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল।

কাৰাৰুদ্ধ সময়ছোৱাৰ ভিতৰতে মহামাৰী কৰোণাত আক্ৰান্ত হোৱাৰ বাবে শশীকলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে কিমান দিনলৈ শশীকলাক হাস্পতালত ৰখা হ’ব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি হোৱাৰ বাবেই শশীকলাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ৬৬ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত জয়াললিতাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত শশীকলাৰ বিৰুদ্ধে জয়াললিতাৰ মৃত্যুৰ ক্ষেত্ৰতো হাত আছে বুলি অভিযোগ উচ্চাৰিত হৈছিল।

কাৰাগাৰ কৰ্তৃপক্ষই শশীকলাৰ মুক্তিৰ যাৱতীয় সকলো আনুষ্ঠানিক কাম চিকিৎসালয়তে সম্পন্ন কৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছতো শশীকলাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰু কিছুদিন তেওঁক চিকিৎসালয়তে ৰখা হ’ব।

ইফালে শশীকলাৰ মুক্তি খবৰ লাভ কৰাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে চিকিৎসালয়ৰ চৌহদত ভিৰ কৰাৰ পৰিলক্ষিত হয়।

তামিলনাডু বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে শশীকলাৰ মুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।

এআইডিএমকে দলৰ সময়ৰ একচ্ছত্ৰী সম্ৰাজ্ঞী শশীকলাই পূৰ্বৰ দৰে দলত খোপনি পুতিবলৈ পালে আগন্তুক নিৰ্বাচনত তেওঁ গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ উঠাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

Related News