NORTHEAST NOW (Assamese)

জিঅ’ক প্ৰত্যাহ্বান ভোডাফোন, এয়াৰটেলৰ; অতিৰিক্ত চাৰ্জ নলগাই গ্ৰাহকক দিব সকাহ

October 10, 2019 4:29 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বুধবাৰে সন্ধিয়া জিঅ’ই ঘোষণা কৰিছিল যে কোম্পানীটোৰ নেটৱৰ্কৰ পৰা অন্য নেটৱৰ্কলৈ আৰু কলিং ফ্ৰী নহয়। অৰ্থাৎ জিঅ’ৰ গ্ৰাহকে এতিয়া আন নেটৱৰ্কলৈ ফোন কৰিবলৈ এক নতুন টপ আপ ৰিচাৰ্জ কৰিব লাগিব।

ইয়াৰ পাছতে এতিয়া ভোডাফোন আইডিয়া লিমিটেডে (VIL) প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ভোডাফোন আইডিয়া নেটৱৰ্কৰ বাহিৰলৈ কৰা কলৰ বাবে গ্ৰাহকক পৃথকে ধন ভৰোৱাৰ আমাৰ কোনো উদ্দেশ্য নাই।

একেদৰে এয়াৰটেলেও স্পষ্ট কৰি দিছে যে কোম্পানীয়ে কোনো অতিৰিক্ত চাৰ্জ আদায় নকৰে।

ভোডাফোনে আই য়ু চিৰ ওপৰত জিঅ’ৰ সিদ্ধান্তৰ পাছত বৃহস্পতিবাৰে এক টুইটৰ জৰিয়তে কৈছে যে কোম্পানীটোৱে গ্ৰাহকক অন্য নেটৱৰ্কলৈ ফোন কৰাৰ বাবে কোনো চাৰ্জ নলয়।

কোম্পানীটোৱে কৈছে যে আমি যি প্ৰতিশ্ৰুতি দিছিলো আমি তাত অটুট আছো। গ্ৰাহকে ভোডাফোনৰ আনলিমিটেড প্লেনত ফ্ৰী কলৰ সুবিধা ল’ব পাৰে।

ভোডাফোনে কৈছে যে আমি গ্ৰাহকৰ ওপৰত এই কামৰ বোজা জাপি দিব বিচৰা নাই যে তেওঁলোকে প্ৰতিবাৰে চেক কৰিব যে কলটো অফ নেটত কৰা হৈছে নে অন নেটত কৰা হৈছে।

সেইদৰে এয়াৰটেলেও এগৰাকী গ্ৰাহকক উত্তৰ দি কৈছে যে কোম্পানীৰ আনলিমিটেড পেকছ্ কলিঙৰ বাবে প্ৰকৃততে আনলিমিটেডেই থাকিব।

গ্ৰাহকে আনলিমিটেড পেকছ্ত ভাৰতৰ যিকোনো ঠাইত ফ্ৰী লোকেল, এছ টি ডি আৰু ৰোমিং কলৰ সুবিধা ল’ব পাৰে। ইয়াৰ বাবে কোম্পানীয়ে কোনো অতিৰিক্ত চাৰ্জ নলয়।

উল্লেখযোগ্য যে ৰিলায়েন্স জিঅ’ই ৯ অক্টোবৰত ঘোষণা কৰা মতে ১০ অক্টোবৰৰ পৰা ইয়াৰ গ্ৰাহকে আন নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬পইচাকৈ অতিৰিক্ত চাৰ্জ ভৰিব লাগিব।

তদুপৰি, কোম্পানীটোৱে ১০ টকাৰ প্ৰাৰম্ভিক টপ আপ পেকছো মুকলি কৰিছে। এই টপ আপৰ জৰিয়তে গ্ৰাহকে অতিৰিক্ত ডাটা লাভ কৰিব।

Related News