• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গাঁও, চহৰ, চৰত গোঁহাৰি বিলাই কাইলৈ মেঘদূত ভৱনৰ পৰা আৰম্ভ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নাগৰিকত্ব বিধেয়ক বিৰোধী অভিযান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 10, 2019 4:19 pm

2 min read

Press meet

অখিল গগৈৰ সংবাদ মেল

19.7k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

গগৈয়ে বিজেপিয়ে শাসনলৈ আহি জাতিধ্বংসী বিধেয়কৰ জৰিয়তে গোটেই পৃথিৱীৰ পৰা হিন্দু সকলক ভাৰতলৈ চপাই আনিবলৈ বিচাৰিছে বুলিও কটাক্ষ কৰে।

”অসমীয়া জাতিৰ প্ৰব্ৰজন বিৰোধী আন্দোলনক নস্যাত কৰি বিজেপি আৰু আৰ এছ এছে এতিয়া হিন্দু বাংলাদেশীক ৰাজনৈতিক ক্ষমতা দিব বিচাৰিছে যাৰ পৰিণতিত অসমৰ মুখ্য মন্ত্ৰীৰ চকীখন হিন্দু বাংলাদেশীয়ে দখল কৰিব,” গগৈৰ মন্তব্য।

আনহাতে, শুকুৰবাৰৰ পৰা কৃষক মু্ক্তি সংগ্ৰাম সমিতিয়ে পুনৰ বিধেয়ক বিৰোধী অভিযান আৰম্ভ কৰিব বুলি সংবাদমেলত গগৈয়ে জানিবলৈ দিয়ে।

শুকুৰবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰচাৰ অভিযান আৰম্ভ কৰিব বুলি উল্লেখ কৰি অখিল গগৈয়ে অসমৰ প্ৰতিখন গাঁও, চহৰ-নগৰ, চৰ অঞ্চলত বিধেয়ক বিৰোধী গোঁহাৰি বিতৰণ কৰিব বুলি কয়।

সংবাদমেলতে গগৈয়ে ৭০ টা জাতীয় সংগঠনক পুনৰবাৰ একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আহ্বান জনাই কৃষক নেতাগৰাকীয়ে।

নাগৰিকত্ব বিধেয়কৰ কথা উল্লেখ কৰি গগৈয়ে বিধেয়কখনে আটাইতকৈ অসমক বিপদত পেলাব বুলি কয়। মেঘালয়, ছিকিম, মিজোৰাম, অৰুণাচল আদি ৰাজ্য ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱা বাবে তাত হিন্দু বাংলাদেশীয়ে মাটি কিনিব নোৱাৰিব বুলি মন্তব্য কৰি অখিল গগৈয়ে এইবোৰ ৰাজ্য বিধেয়কৰ প্ৰভাৱৰ পৰা বাছি যাব বুলি জনায়।

উত্তৰ-পূবৰ অসম আৰু ত্ৰিপুৰাক নাগৰিকত্ব বিধেয়কে আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত কৰিব বুলিও সংবাদ মেলত ঘোষণা কৰে কৃষক নেতাগৰাকীয়ে।

১৯১৫ চনৰ পৰা বৰ্তমানলৈ ১০৭ বছৰ ধৰি অসমত প্ৰব্ৰজনৰ বিৰোধিতা কৰি অহা হৈছে। অসমৰ ৰাজনীতি প্ৰব্ৰজনভিত্তিক বুলি উল্লেখ কৰি গগৈয়ে এসময়ত কংগ্ৰেছে মুছলমান তোষণ নীতি গ্ৰহণ কৰিছিল আৰু বৰ্তমানৰ বিজেপিয়ে হিন্দু বাংলাদেশী তোষণ নীতি গ্ৰহণ কৰিছে বুলি দুয়োটা দলকে সমালোচনা কৰে।

বাংলাদেশৰ পৰা যদিহে ১ কোটি ৭০ লাখ লোক নতুনকৈ অসমলৈ আহে তেনেহ’লে অসমত থকা ২০ লাখ হিন্দু বাংলাদেশীৰ সৈতে মিলি মুঠ হিন্দু বাংলাদেশীৰ সংখ্যা হ’ব ২ কোটি।

গগৈয়ে অসমত হিন্দু বাংলাদেশীৰ সংখ্যা ২ কোটি হ’লে অসমৰ পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভা প্ৰতিনিধিলৈ সকলোবো হিন্দু বাংলাদেশীৰ হাতলৈ যাব বুলি কোৱাৰ লগতে তেতিয়া অসমৰ মাতৃভাষা অসমীয়াৰ পৰা বঙালী হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd