গুৰুত্বপূৰ্ণ সিদ্ধান্ত! আইডিয়াই বন্ধ কৰিব পোষ্টপেইড প্লেন

Vodafone may shut down operation in India

ছবি সৌজন্য-- উইকিমিদিয়া কমনছ।

ভোদাফোনৰ সৈতে একলগ হোৱা আইডিয়াই বন্ধ কৰিব ইয়াৰ সকলো পোষ্টপেইড প্লেন।

২০১৮ চনত দুয়োটা কোম্পানি একলগ হৈ Idea-Vodafone হোৱাৰ পিছৰ পৰা দুয়োটাই নিজৰ নিজৰ ব্ৰেণ্ডৰ অধীনত পোষ্টপেইড প্লেন আগ বঢ়াই আহিছে যদিও অচিৰেই আইডিয়াই ইয়াৰ Nirvana নামৰ প্লেনটো বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

একেলগ হোৱাৰ পিছৰ পৰা Vodafone-এ Vodafone RED আৰু Idea-ই Nirvana ব্ৰেণ্ডৰ অধীনত পোষ্টপেইড সেৱা আগ বঢ়াই আহিছে।

এই নতুন পদক্ষেপটো প্ৰথমে মুম্বাইত প্ৰযোজ্য কৰিব যদিও লাহে লাহে সমগ্ৰ দেশতে ইয়াক প্ৰয়োগ কৰা হ’ব।

কোম্পানিটোৰ সূত্ৰ মতে, এতিয়াৰ পৰা দুয়োটা কোম্পানিৰ গ্ৰাহকৰ বাবে কেৱল Vodafone RED-ৰ অধীনতহে পোষ্টপেইড সংযোগ দিয়া হ’ব।

বৰ্তমান থকা পোষ্টপেইড য়ুজাৰসকলৰ বাবেও এই নতুন সালসলনি প্ৰযোজ্য হ’ব আৰু আইডিয়াৰ পোষ্টপেইড গ্ৰাহকসকলক স্বয়ংক্ৰিয়ভাৱে ভোদাফোনৰ প্লেনলৈ সলনি হ’ব।

“পোষ্টপেইড সেৱাবোৰ Vodafone RED ব্ৰেণ্ডৰ অধীনত আনি আমি এটা কোম্পানি এটা নেটৱৰ্কৰ নীতি গ্ৰহণ কৰিছো”, ভোদাফোন আইডিয়াৰ এম ডি অৱনীশ খোছলাই সংবাদ মাধ্যমক কয়।

বৰ্তমান আইডিয়াই দুটা পোষ্টপেইড প্লেন আগ বঢ়াই আছে। এটা ৩৯৯ টকাৰ পৰা আৰম্ভ হয় আৰু আনটো ৪৯৯ টকাৰ পৰা।

প্ৰথমটো প্লেনত আনলিমিটেড কলৰ লগতে ৪০জিবি ডেটা, ১০০ জিবি ডেটা আৰু ৰোমিং ফ্ৰী।

আনটোত আনলিমিটেড কলৰ লগতে ৭৫ জিবি ডেটা আৰু আনটো প্লেনৰ সকলোখিনি সুবিধা।