NORTHEAST NOW (Assamese)

নিলাম হ’ব বিশ্বৰ প্ৰথমটো SMS, কি আছিল এই SMS টোত!

December 18, 2021 12:12 pm · এন ই নাও নিউজ, গুৱাহাটী

বৰ্তমান ইণ্টাৰনেটৰ যুগত পৃথিৱীত মানুহৰ মাজত যোগাযোগৰ ক্ষেত্ৰখন দ্ৰুতগতিত আগবাঢ়িছে। কিন্তু যেতিয়া ইণ্টাৰনেট সহজলভ্য নাছিল, সেই সময়ত যোগাযোগৰ দ্ৰুততম উপায় আছিল SMS।

কল কৰাতকৈ দ্ৰুত আৰু সহজ ভাৱে মনৰ ভাৱ প্ৰকাশৰ বাবে SMS মানুহৰ বাবে এক উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হৈছিল। আৰু প্ৰযুক্তিৰ এই অনন্য জনপ্ৰিয় মাধ্যমটোৰ প্ৰথমটো চিন নিলামৰ দিশে আগবাঢ়িছে।

জানিব পৰা গৈছে যে বিশ্বৰ প্ৰথম SMS ২৯ বছৰ পূৰ্বে ১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰেৰণ কৰা হৈছিল। খ্ৰীষ্টমাছৰ বতৰত এই SMS টো প্ৰেৰিত হৈছিল। সেই সময়তে ২২ বছৰীয়া নীল পাপৱৰ্থে এই বৈদ্যুতিক বাৰ্তাটো ৰিচাৰ্ড জাৰ্ভিছলৈ প্ৰেৰণ কৰিছিল। ১৫ আখৰৰ এই বাৰ্তাটোত ‘মেৰী খ্ৰীষ্টমাছ’ লিখা আছিল।

আমোদজনক ভাৱে, ব্ৰিটিছ প্ৰগ্ৰামাৰ নীল পাপৱৰ্থে ফোনৰ পৰা এই SMS প্ৰেৰণ কৰা নাছিল, কম্পিউটাৰৰ পৰাহে তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল। এই বিষয়ে তেওঁ কিছুদিন পূৰ্বে কৈছিল যে ভৱিষ্যতে যোগাযোগৰ এই পদ্ধতিটো ইমান জনপ্ৰিয় হ’ব বুলি কল্পনাও কৰিব পৰা নাছিল।

এই প্ৰথম SMS টোৱেই পেৰিছৰ নিলামত নিলাম কৰা হ’ব। নিলাম কৰ্তৃপক্ষৰ অনুমান অনুসৰি ইয়াৰ মূল্য ২০০,০০০ মাৰ্কিন ডলাৰ পৰ্যন্ত হ’ব পাৰে। ডিচেম্বৰৰ ২১ তাৰিখে অনলাইন যোগে এই নিলাম অনুষ্ঠিত হ’ব। এই নিলামৰ পৰা সংগৃহীত ধনৰাশি ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী শিবিৰলৈ দান কৰা হ’ব।

এই সন্দৰ্ভত নিলাম কৰ্তৃপক্ষই কয়, “প্ৰথম এছএমএছ হৈছে মানৱ আৰু মানৱ-নিৰ্মিত প্ৰযুক্তিৰ ইতিহাসৰ এক নথি, সেয়েহে ইয়াক বিক্ৰী কৰি উপাৰ্জন কৰা ধন জনসাধাৰণৰ বাবে উপযোগী হ’ব।”

Related News