NORTHEAST NOW (Assamese)

শিৱসাগৰ ছোৱালী কলেজৰ উদ্যোগত ভোটাৰ সজাগতা সভা

April 6, 2019 9:09 pm · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ ছোৱালী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য়ালয়ৰ সহযোগত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শুকুৰবাৰে বানমুখ দিহিঙ্গীয়া গাঁৱত ভোটাৰৰ সজাগতা সভা অনুষ্ঠিত হয়।
বানমুখ দিহিঙ্গীয়া গাঁৱৰ ভোগেশ্বৰ শইকীয়াই সভাপতিত্ব কৰা আৰু মহাবিদ্যালয়খনৰ অধ্যাপক মহান ৰঞ্জন দত্তই আঁত ধৰা সজাগতা সভাত কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তাসকলে গণতন্ত্ৰত ভোটৰ মূল্য আৰু ভোটাৰৰ দ্বায়িত্ব সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্য কৰাৰ লগতে ই ভি এমত নতুনকৈ সংযোজন ঘটোৱা ভি ভি পি এ টিৰ জৰিয়তে কেনেকৈ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰি সেই বিষয়ে অৱগত কৰে।
কলেজৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিমল দত্ত উপস্থিত থকা সজাগতা সভাত ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰীসকলেও ভোটাৰসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।

Related News