ভোটাৰৰ অভিযোগ গ্ৰহণৰ বাবে গোলাঘাটত নিয়ন্ত্ৰণ কক্ষ স্থাপন

ৰাইজে সুধিব পাৰিব নিৰ্বাচন সম্পৰ্কীয় যিকোনো প্ৰশ্ন

a voter

গোলাঘাট নিৰ্বাচন জিলাৰ অন্তৰ্গত ৯৫-গোলাঘাট আৰু ৯৬-খুমটাই বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে স্থাপন কৰিছে নিয়ন্ত্ৰণ কেন্দ্ৰ ৷

জিলা নিৰ্বাচন বিষয়া তথা জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে সদৰি কৰা মতে ভোটাৰ ৰাইজে বিধানসভা নিৰ্বাচনৰ সৈতে সম্পৰ্কিত যিকোনো অভিযোগ টোল ফ্ৰি ১৯৫০ আৰু নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭৪-২৮৩২৮২ নম্বৰলৈ ফোন কৰি জনাব পাৰিব ৷

এই নিয়ন্ত্ৰণ কক্ষলৈ ভোটাৰে নিৰ্বাচন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ উত্তৰ পাবৰ বাবে আৰু সন্দেহ নিৰাময়ৰ বাবেও ফোন কৰিব পাৰিব ৷

ৰাইজৰ প্ৰশ্ন বা অভিযোগবোৰ প্ৰয়োজনত কল চেন্টাৰৰ পৰা সংশ্লিষ্ট নিৰ্বাচন কোষ বা বিভাগলৈ প্ৰেৰণ কৰিও সমাধানৰ ব্যৱস্থা কৰা হ’ব ৷

ৰাইজক এই সুবিধা গ্ৰহণ কৰি সকলোৰে অংশগ্ৰহণেৰে এক স্বচ্ছ আৰু নিকা নিৰ্বাচন অনু্ষ্ঠিত কৰাত সহযোগ কৰিবলৈ নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁইয়ে আহ্বান জনাইছে ।