আজি ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : কিমান ভোটাৰে কাৰ কাৰ ভাগ্য বন্দী কৰিব ইভিএমত?

a bjjpp

অসম আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

ইতিমধ্যে কোভিড১৯ বিধিৰ বলৱৎ কৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

আনহাতে কোৱিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পূৰ্ব নিৰ্ধাৰিত ১,৫০০ গৰাকী ভোটদাতাৰ পৰিৱৰ্তে সৰ্বাধিক ১ হাজাৰ গৰাকী ভোটদাতাক ভোটদানৰ সুবিধা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

একেদৰে কোৱিড-১৯ত আক্ৰান্ত অথবা সন্দেহযুক্ত ৰোগীৰ লগতে কোৱাৰেণ্টাইনত থকা লোক, বাধাগ্ৰস্থ হিচাপে চিহ্নিত লোক আৰু ৮০ বছৰৰ উৰ্ধৰ ব্যক্তিসকলৰ বাবে ডাক বেলটৰ সুবিধা আগবঢ়োৱাৰো ব্যৱস্থা কৰা হৈছে।

অসমত ৩ টা পৰ্যায়ত চলি থকা বিধানসভা নিৰ্বাচনৰ দ্বিতীয়টো পৰ্যায়ত আজি ১৩ খন জিলাৰ মুঠ ৩৯ টা সমষ্টিৰ বাবে ২৬ গৰাকী মহিলাকে ধৰি ৩৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

এই পৰ্যায়ত ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩ লাখ ৪৪ হাজাৰৰো অধিক ভোটাৰে।

ইয়াৰ মাজত আছে ৩৭,৩৪,৫৩৭ গৰাকী পুৰুষ, ৩৬,০৯,৯৫৯ হাজাৰ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ মুঠ ১০,৫৯২ টা কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ গঠিত ৩ টা মিত্ৰজোঁট সুকীয়াকৈ অৱতীৰ্ণ হৈছে।

দ্বিতীয় পৰ্যায়ত বিজেপি ৩৪ টা, কংগ্ৰেছ ২৮ টা, অসম জাতীয় পৰিষদ ১৯ টা, এআইইউডিএফ ৭ টা, অসম গণ পৰিষদে টা আৰু বি পি এফ দলে ৪ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে ১৭৬ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিমল শুল্কবৈদ্য, পীয়ুজ হাজৰিকা আৰু ভৱেশ কলিতাৰ ভাগ্য আজি ইভিএমত বন্দী হ’ব।