By-Election-2021 অসমৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ

Voting in Gossaigaon

গোলাইগাঁও সমষ্টিৰ ভোটগ্ৰহণ চলি থকা এটা ভোটকেন্দ্ৰ। ফটো: নৰ্থইষ্ট নাও।

By-Election-2021 অসমৰ পাঁচটা সমষ্টি ক্ৰমে মৰিয়নি, থাওৰা, ভৱানীপুৰ, গোসাইগাঁও আৰু তামুলপুৰত উপ নিৰ্বাচনৰ বাবে আজি ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।এই নিৰ্বাচনত বিভিন্ন দলৰ মুঠ ৩১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মুঠ ৭,৯৬,৪৫৬ জন ভোটাৰে এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।

মৰিয়নিত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবেই সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হ’ল। ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মৰিয়নিৰ পৰা চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।

উপ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু সঞ্জীৱ গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ভৱানীপুৰত বিধায়ক ফনীধৰ তালুকদাৰে এআইইউডিএফৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।

ভৱানীপুৰত এই উপ নিৰ্বাচনত বিজেপিৰ ফনীধৰ তালুকদাৰৰ উপৰি কংগ্ৰেছৰ শৈলেন্দ্ৰ নাথ দাস, এআইইউডিএফৰ জব্বৰ আলী, নেশ্যনেল ৰোডমেপ পাৰ্টি অফ ইণ্ডিয়াৰ মেৰাজুল হক, ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ শিবেন দাসৰ উপৰি চৌকত আলী আহমেদ, খাম্ফা খুংগুৰ গয়াৰী আৰু আৰিফুল ইছলামে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

থাওৰা সমষ্টিতো বিধায়ক সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰাত উপ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে। সুশান্ত বৰগোঁহাইয়ে পূৰ্বে ২০১১ আৰু ২০২১ত দুবাৰকৈ কংগ্ৰেছৰ পৰা সমষ্টিটোৰ বিধায়ক নিৰ্বাচিত হৈছিল।

থাওৰাত বিজেপিৰ সুশান্ত বৰগোঁহাইৰ উপৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, চিপিআইৰ কৃষ্ণ গগৈ আৰু নিৰ্দলীয় হিচাপে ধৈৰ্য কোঁৱৰ আৰু লোহিত গোৱালাই।

তামুলপুৰ সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক লেহো ৰাম বড়োৰ কোভিড আক্ৰান্ত হৈ আকস্মিক মৃত্যু হোৱাৰ পাছত সমষ্টিতটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে।

সমষ্টিটোত বিজেপি সমৰ্থিত ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ ভাস্কৰ দাহাল, গণ সুৰক্ষা পাৰ্টিৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভিপিআইৰ ৰাজ কুমাৰ বড়োৰ উপৰি গনেশ কছাৰী আৰু যোশৱান্ত চৌহানে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

সেইদৰে, গোসাইগাওঁ সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ কোভিডত মৃত্যু হোৱাত সমষ্টিতটোত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। নাৰ্জাৰীয়ে সমষ্টিটোৰ পৰা  বিপিএফৰ হৈ চাৰিবাৰ বিধায়ক নিৰ্বাচিত হৈছিল।

গোঁসাইগাঁওত বিপিএফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, ইউপিপিএলৰ জিৰন বসুমতাৰী, কংগ্ৰেছৰ জুৱেল টুডু, এআইইউডিএফৰ খাইৰুল আনম খণ্ডকাৰৰ উপৰি উত্তম কুমাৰ তালুকদাৰ, কমল ৰায়, ওচমান গনি এছ কে আৰু আব্দুল হাছেম আকণ্ডে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।         

নিৰ্বাচন আয়োগে সদৰী কৰা তথ্য অনুসৰি পাঁচটা সমষ্টিত মুঠ ১,১৭৬টা ভোটগ্রহণ কেন্দ্র আছে আৰু ইয়াৰ ভিতৰত গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নিত ১৮৩টা আৰু থাওৰাত ১৭৩টা৷ ইয়াৰে ৯৮৯টা মূল ভোটকেন্দ্র আৰু ১৮৭টা সহযোগী ভোটকেন্দ্র আছে৷

ৱেব কাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্রসমূহত ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব৷

আনহাতে, ভোটগ্রহণ কেন্দ্রসমূহত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ গোট মোতায়েন কৰা হৈছে৷ সেইদৰে প্রতিটো ভোটকেন্দ্রতে ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে নির্বাচন আয়োগে৷

ভোটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ ব্যৱস্থা লোৱাৰ উপৰি মাস্ক, ছেনিটাইজাৰ আদি উপলব্ধ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷

পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত সামগ্রিকভাৱে ৫,৪১০জন বিষয়া নিয়োজিত কৰা হৈছে৷ ভোটগ্রহণৰ বাবে ১,৮৬৯ বেলট ইউনিট ১,৮৪৪টা কন্ট্ৰ’’ল ইউনিট আৰু ১,৮৬১টা ভিভিপিএটি মেচিন ব্যৱহাৰ হৈছে৷

এই উপ–নির্বাচনত মুঠ ৭,৯৬,৪৫৬জন ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ হোৱাৰ বিপৰীতে ৩,৯৩,০৭৮গৰাকী মহিলা আৰু ৪গৰাকী তৃতীয় লিংগৰ৷ ইয়াৰ উপৰি ৩,১৬৫জন আছে ছার্ভিচ ভোটাৰ৷

তামুলপুৰ সমষ্টিত সর্বাধিক ২,১৭,৪৩২জন ভোটাৰ থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১জন ভোটাৰ আছে৷ সেইদৰে, উপ–নির্বাচনত ৮,৮৬৪জন ৮০ বছৰৰ ঊর্ধ্বৰ ভোটাৰ আৰু ৪,৯৯৮জন বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷