লিঅ’নেল মেছিৰ আত্মীয়ৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনা: মেছিলৈ ভাবুকি

Threat For Lionel Messi

সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ তথা আৰ্জেণ্টাইন মহাতাৰকা লিঅ’নেল মেছিক ভাবুকি প্ৰদান কৰিছে অচিনাক্ত দুৰ্বৃত্তই। মেছিৰ সম্পৰ্কীয় ব্যক্তিৰ মালিকানাধীন এক ব্যৱসায়িক প্ৰতিষ্ঠানত গুলীচালনা কৰাৰ পিছতে অচিনাক্ত বন্দুকধাৰীয়ে মেছিৰ লক্ষ্য কৰি এক ভাবুকিমূলক টোকা এৰি থৈ যায়।

বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অৱশ্যে ঘটনাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানটো বন্ধ থকাৰ বাবে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বাইকত অহা দুই অচিনাক্ত লোকে মেছিৰ পত্নী এণ্টনেলা ৰকুজ্জোৰ পৰিয়ালৰ মালিকানাধীন ৰ’জাৰিয়া ইউনিকোত নিৰ্বিচাৰ গুলীচালনা কৰে।

তাৰ পিছতে তেওঁলোকে কাৰ্ডবৰ্ডত এখন টোকা থৈ যায়। এই ভাবুকিভৰা টোকাটোত লিখা আছিল “মেছি, আমি তোমাৰ বাবে অপেক্ষা কৰি আছো। ৰ’জাৰিয়াৰ মেয়ৰ পাব্লো জাভকিন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী, গতিকে তেওঁ আপোনাৰ যত্ন ল’ব নোৱাৰে।”

চৰকাৰী অধিবক্তা ফেডেৰিকো ৰেব’লাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাথমিক তদন্তৰ অংশ হিচাপে কৰ্তৃপক্ষই চিচিটিভি কেমেৰাৰ ফুটেজ পৰ্যালোচনা কৰি আছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰথমবাৰৰ বাবে মেছিৰ পৰিয়ালক এনে ভাবুকি দিয়া হৈছে বুলি উল্লেখ কৰে।

শাসকীয় পেৰ’নিষ্ট মিত্ৰজোঁটৰ বিৰোধী ৰাজনীতিবিদ জাভকিনে ৰ’জাৰিয়াত ফেডাৰেল নিৰাপত্তা বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধী গোটৰ কাৰ্যকলাপ দমন কৰিবলৈ দাবী জনোৱাৰ সময়তে এই কাণ্ড সংঘটিত হৈছে।

ইফালে এই কাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে ফেডাৰেল চৰকাৰৰ নিৰাপত্তা মন্ত্ৰী এনিবাল ফাৰ্নাণ্ডেজে ইউনিকোৰ ওপৰত হোৱা আক্ৰমণ যোৱা ২০ বছৰ ধৰি ৰ’জাৰিয়া চহৰত ড্ৰাগছ সম্পৰ্কীয় হিংসাত্মক গতিবিধিৰ এক সাধাৰণ উদাহৰণ বুলি দাবী কৰে।

চহৰখনত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্নাণ্ডেজক দোষাৰোপ কৰিছে বিৰোধী ৰাজনীতিবিদসকলে।

উল্লেখ্য যে ২০২২ৰ কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ খিতাপ জয়েৰে আৰ্জেণ্টিনাৰ মহানায়ক হৈ পৰা লিঅ’নেল মেছিৰ ঘৰ ফুনেছৰ উপকণ্ঠ অঞ্চলৰ ৰ’জাৰিয়াত। বৃহস্পতিবাৰে বিয়লিলৈকে অৱশ্যে মেছিয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।