• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

লিঅ’নেল মেছিৰ আত্মীয়ৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনা: মেছিলৈ ভাবুকি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2023 10:51 am
Threat For Lionel Messi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ তথা আৰ্জেণ্টাইন মহাতাৰকা লিঅ’নেল মেছিক ভাবুকি প্ৰদান কৰিছে অচিনাক্ত দুৰ্বৃত্তই। মেছিৰ সম্পৰ্কীয় ব্যক্তিৰ মালিকানাধীন এক ব্যৱসায়িক প্ৰতিষ্ঠানত গুলীচালনা কৰাৰ পিছতে অচিনাক্ত বন্দুকধাৰীয়ে মেছিৰ লক্ষ্য কৰি এক ভাবুকিমূলক টোকা এৰি থৈ যায়।

বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অৱশ্যে ঘটনাৰ সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানটো বন্ধ থকাৰ বাবে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

Apply Now

ঘটনা সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বাইকত অহা দুই অচিনাক্ত লোকে মেছিৰ পত্নী এণ্টনেলা ৰকুজ্জোৰ পৰিয়ালৰ মালিকানাধীন ৰ’জাৰিয়া ইউনিকোত নিৰ্বিচাৰ গুলীচালনা কৰে।

তাৰ পিছতে তেওঁলোকে কাৰ্ডবৰ্ডত এখন টোকা থৈ যায়। এই ভাবুকিভৰা টোকাটোত লিখা আছিল “মেছি, আমি তোমাৰ বাবে অপেক্ষা কৰি আছো। ৰ’জাৰিয়াৰ মেয়ৰ পাব্লো জাভকিন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী, গতিকে তেওঁ আপোনাৰ যত্ন ল’ব নোৱাৰে।”

চৰকাৰী অধিবক্তা ফেডেৰিকো ৰেব’লাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাথমিক তদন্তৰ অংশ হিচাপে কৰ্তৃপক্ষই চিচিটিভি কেমেৰাৰ ফুটেজ পৰ্যালোচনা কৰি আছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰথমবাৰৰ বাবে মেছিৰ পৰিয়ালক এনে ভাবুকি দিয়া হৈছে বুলি উল্লেখ কৰে।

শাসকীয় পেৰ’নিষ্ট মিত্ৰজোঁটৰ বিৰোধী ৰাজনীতিবিদ জাভকিনে ৰ’জাৰিয়াত ফেডাৰেল নিৰাপত্তা বাহিনীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধী গোটৰ কাৰ্যকলাপ দমন কৰিবলৈ দাবী জনোৱাৰ সময়তে এই কাণ্ড সংঘটিত হৈছে।

ইফালে এই কাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে ফেডাৰেল চৰকাৰৰ নিৰাপত্তা মন্ত্ৰী এনিবাল ফাৰ্নাণ্ডেজে ইউনিকোৰ ওপৰত হোৱা আক্ৰমণ যোৱা ২০ বছৰ ধৰি ৰ’জাৰিয়া চহৰত ড্ৰাগছ সম্পৰ্কীয় হিংসাত্মক গতিবিধিৰ এক সাধাৰণ উদাহৰণ বুলি দাবী কৰে।

চহৰখনত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্নাণ্ডেজক দোষাৰোপ কৰিছে বিৰোধী ৰাজনীতিবিদসকলে।

উল্লেখ্য যে ২০২২ৰ কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ খিতাপ জয়েৰে আৰ্জেণ্টিনাৰ মহানায়ক হৈ পৰা লিঅ’নেল মেছিৰ ঘৰ ফুনেছৰ উপকণ্ঠ অঞ্চলৰ ৰ’জাৰিয়াত। বৃহস্পতিবাৰে বিয়লিলৈকে অৱশ্যে মেছিয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd