NORTHEAST NOW (Assamese)

খাদ্য খোৱাৰ পিছত কিমান সময় খোজ কাঢ়িব লাগে? জানি লওক প্ৰকৃত তথ্য

August 26, 2024 11:51 am · এন ই নাও নিউজ, গুৱাহাটী

অফিচতো বহুতৰে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অলপ জিৰণি লোৱাৰ অভ্যাস আছে। অসমীয়াত ভাত ঘুমটি বোলা কথাষাৰ সকলোৰে চিনাকি। কিন্তু এই এলাহৰ হেঁপাহে শৰীৰৰ ক্ষতি কৰিব পাৰে। শৰীৰটো যিমানেই লৰচৰ কৰিব সিমানেই সুস্থ হ’ব। বিশেষজ্ঞসকলে তেনেকৈয়ে কয়।

বিশেষজ্ঞসকলৰ মতে, খোজ কঢ়াটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। বহুতে ৰাতিপুৱা বা গধূলি খোজ কাঢ়ে। কিন্তু খাদ্য খোৱাৰ পিছত? বহুতে পেট পূৰাই খাদ্য খোৱাৰ পিছত জিৰণি লোৱাৰ উপায় বিচাৰে। ই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। সেয়ে খাদ্য খোৱাৰ পিছত কমেও ১০ মিনিট খোজ কঢ়াটো অতি প্ৰয়োজনীয়। তাতে কি লাভ হয়?

বিশেষজ্ঞসকলে কয় যে খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে হজম শক্তি উন্নত হয়। ফলত এচিডিটিৰ সমস্যা বহু কম হয়। খাদ্য খোৱাৰ পিছত জিৰণি ল’লে শৰীৰত চৰ্বি জমা হ’ব পাৰে। অলপ খোজ কাঢ়িলে সেই সমস্যা ইমান বেছি নহয়।

লগতে পঢ়কঃ যিবোৰ কথাই ইউ পি এছক দুৰ্বল কৰি তোলে; জানি লওক এই পেঞ্চন আঁচনিৰ সাৰমৰ্ম

কেলৰি, কাৰ্বহাইড্ৰেট আদি বাৰ্ণ কৰিবলৈ খোজকঢ়াৰ কোনো বিকল্প নাই। এই উত্তম অভ্যাসটোৱে আপোনাৰ শৰীৰটোক আটিল কৰি তুলিব।

যিসকলৰ ছুগাৰৰ সমস্যা আছে তেওঁলোকৰ বাবে বিশেষজ্ঞসকলে খাদ্য খোৱাৰ পিছত খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়ে। কাৰণ খাদ্য খোৱাৰ পিছত তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। এনে পৰিস্থিতিত খোজ কাঢ়িলে সেয়া বহুত কমি যায়।

খাদ্য খোৱাৰ পিছত নিয়মিতভাৱে খোজ কাঢ়িলে তেজত থকা ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰাও কমি যায়। আৰু সেয়া কমি থাকিলে ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সম্ভাৱনাও অতি কম হয়।

লগতে পঢ়কঃ পোলেণ্ডৰ পৰা ওভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান! ক্ষোভ উজাৰিলে ইছলামবাদে

অৱশ্যে হয়, আহাৰ খোৱাৰ ঠিক পিছতেই বেছি জোৰেৰে খোজ কাঢ়িব নালাগে। এইসময়ত খোজ কঢ়াটো লাহে লাহে হ’ব লাগে। শিথিল হৈ খোজ কাঢ়িলেই উপকৃত হ’ব। অত্যধিক পৰিশ্ৰম শৰীৰৰ বাবে উপকাৰী নহয়। প্ৰথমেই ১০ মিনিট খোজ কাঢ়িব নালাগে। ৫ৰ পৰা ৬ মিনিট খোজ কাঢ়িবলৈ আৰম্ভ কৰক। ইয়াৰ পিছত সময় বৃদ্ধি কৰক। সুস্থ হৈ থাকক, ভালে থাকক। 

Related News