নতুন যুগৰ সাংবাদিক হ’ব খোজে? আজিয়েই যোগ দিয়ক টিজেএছ-ত
সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষা, বিশেষকৈ সাধাৰণ লোকৰ সবলীকৰণৰ বাবে দেশত চিটিজেন জাৰ্নেলিজমক উৎসাহিত কৰা বিকল্প মিডিয়াৰ বিকাশৰ কথা বিবেচনা কৰি, এতিয়া সময়ৰ প্ৰয়োজন।
বিকল্প মিডিয়াৰ শেহতীয়া বিকাশ, চিটিজেন জাৰ্নেলিজমৰ সুযোগ আৰু মানসম্পন্ন সাংবাদিকতাক মনত ৰাখি, দি জাৰ্নেলিজম স্কুল (TJS)এ এই বছৰতে খুব সোনকালেই বিদ্যায়তনিক ক্ষেত্ৰত প্ৰৱেশ কৰিব।
এই বছৰতে শৈক্ষিক বৰ্ষ আৰম্ভ কৰিবলৈ লোৱা দি জাৰ্নেলিজম স্কুল গুৱাহাটীস্থিত মিডিয়া স্কুল। মিডিয়া উদ্যোগৰ কিছুসংখ্যক খুব নামজ্বলা ব্যক্তিয়ে ধাৰণ (conceptualise) কৰা এই টি জে এছৰ পৃষ্ঠপোষকতা কৰিছে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট আৰু টে’কনলজিয়ে।
অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, গুৱাহাটীৰ অনুমোদনপ্ৰাপ্ত টি জে এছ নৰ্থ-ইষ্ট নাও মিডিয়া হাউচৰ সৈতেও জৰিত।
টি জে এছে চাৰিমহীয়া তিনিটা কালত বিভক্ত এবছৰীয়া পি জি ডিপ্ল’মা আগবঢ়াইছে।
প্ৰথম বৰ্ষত সকলো ছাত্ৰ-ছাত্ৰীৰে বাবে বাধ্যতামূলক আধাৰ পাঠ্যক্ৰম (foundation course) থকাৰ বিপৰীতে দ্বিতীয় বৰ্ষত– ছপা, টেলিভিজন, ডেটা সাংবাদিকতা আৰু নতুন মিডিয়া— বিষয়ৰপৰা শিক্ষাৰ্থীসকলে নিজৰ পচন্দৰ ক্ষেত্ৰ বাচি ল’ব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে নিজা বাতৰি কাকত, টি ভি শ্ব’, অনলাইন আলোচনী উলিয়াব আৰু তেওঁলোকে বাচি লোৱা তিনিটা ঐচ্ছিক বিষয়ত পাঠদান কৰিব পাৰিব।
তৃতীয় বৰ্ষত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পচন্দৰ মিডিয়া হাউছত ইণ্টাৰ্নশ্বিপ কৰিব আৰু তেওঁলোকক দিয়া বিষয়ত ৰচনা/ ডিচেৰ্টে’চন (dissertation) সম্পূৰ্ণ কৰিব পাৰিব। ইনভে’ষ্টিগে’টিভ জাৰ্নেলিজম সম্পৰ্কে এটা চুটি মদিউলো ইয়াৰ অন্তৰ্ভুক্ত হৈ থাকিব।
পাঠ্যক্ৰমৰ সম্পূৰ্ত্তিত সফল প্ৰাৰ্থীসকলক নিয়োগত টি জে এছে সহায় আগবঢ়াব।
বৰ্তমান সময়ৰ অন্যতম সৰ্বাধিক চাহিদাসম্পন্ন কেৰিয়াৰ হিচাপে সাংবাদিকতাত বিচিত্ৰ আৰু গতিশীল বিশেষীকৃত বিকল্পৰ প্ৰয়োজন। সাংবাদিকতাৰ প্ৰতি হাবিয়াস থকা উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ শূন্যতা পূৰণ কৰাৰ বাবে দি জাৰ্নেলিজম স্কুলে চাহিদাযুক্ত সাংবাদিকতা পাঠ্যক্ৰমসমূহ লৈ আহিব।
আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে দি জাৰ্নেলিজম স্কুলৰ বিভাগীয় ৱে’বছাইট দৰ্শন কৰিব পাৰে আৰু অধিক তথ্যৰ বাবে info@thejournalismschool.inত ই-মে’ইল কৰিব পাৰে।