প্ৰতিগৰাকী পিতৃয়ে বিচাৰে যে তেওঁৰ ছোৱালীজনী ডাঙৰ হৈ এগৰাকী আত্মবিশ্বাসী, বুদ্ধিমতী আৰু সাহসী যুৱতী হিচাপে পৰিগণিত হওক। এগৰাকী কন্যা সন্তান ডাঙৰ–দীঘল হোৱাৰ প্ৰক্ৰিয়াটোত পিতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কিন্তু বহু ক্ষেত্ৰত অভিভাৱকৰ কিছুমান ভুল বা অভিভাৱক সকল কিছুমান কথাৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁলোকৰ কন্যা সন্তানৰ বিকাশ বিচৰা ধৰণেৰে নহয়। যাৰ ফলত ডাঙৰ হৈ শাৰীৰিকভাবে দুৰ্বল হোৱাৰ লগতে মানসিকভাবেও সবল হৈ নুঠে যুৱতীসকল।
সেয়ে আজি আমি আগবঢ়াব খুজিছোঁ পিতৃ সমাজৰ বাবে কেইটামান টিপছ –
পিতৃয়ে নিজৰ কন্যা সন্তানৰ বাবে পৰ্যাপ্ত সময় উলিয়াব লাগে। সন্তানৰ লগত একেলগে আহাৰ গ্ৰহণ কৰিব লাগে। নিজৰ ছোৱালীজনৰ লগত একেলগে চিনেমা চোৱা, একেলগে ফুৰিবলৈ যোৱা, একেলগে খেলা–ধূলা কৰা আদি কামসমূহ কৰিব লাগে।
পিতৃ আৰু কন্যাই একেলগে পঢ়া শুনা কৰাৰ বাবে সময় উলিয়াব লাগে। কন্যাই পঢ়ি থকাৰ সময়ত পিতৃয়ে নিজেই জলপান বা তাই খাই ভালপোৱা খাদ্য আনি দিব লাগে।
নিজৰ জীয়ৰী আঁতৰত থাকিলে বা ফুৰিবলৈ গ’লে ফোন বা ভিডিঅ’ কলৰ জৰিয়তে খবৰ-খাতি ল’ব লাগে।
এগৰাকী পিতৃয়ে সদায় নিজৰ ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে। ছোৱালী জনীৰ প্ৰতি অহা বাধা বা প্ৰত্যাহ্বান সমূহ তাই নিজেই অকলে কেনেদৰে অতিক্ৰম কৰিব সেই বিষয়ে শিকাব লাগে। লগতে মানসিক আৰু শাৰীৰিকভাবে সহায় আগবঢ়াব লাগে।
ইয়াৰ উপৰিও এজন পিতৃয়ে তেওঁৰ কন্যাক লিংগ সমতাৰ কথা শিকাব লাগে। নাৰী হিচাপে নিজৰ অধিকাৰক লৈ সচেতন হ’বলৈ শিকাব লাগে।
লগৰ ল’ৰাৰ লগত কেনেকৈ থাকিব, কেনেকৈ খেলিব, কি কি ক্ষেত্ৰত এজন পুৰুষ বা মহিলা বান্ধৱীৰ পৰা সাৱধানে থাকিব সেই বিষয়ে শিকাব লাগে। লগতে এজন পিতৃয়ে নিজৰ কন্যাক ‘ভাল স্পৰ্শ’ আৰু ‘বেয়া স্পৰ্শ’ৰ বিষয়ে শিকোওৱাটো অত্যন্ত জৰুৰী।
এগৰাকী পিতৃয়ে নিজৰ কন্যাৰ লগত সিমানলৈকে খোলা হ’ব লাগে, যাতে কন্যাই পিতৃৰ আগত নিজৰ সকলো সমস্যাৰ কথা খোলাকৈ ক’ব পাৰে।