NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীৰ সৈতে বহিব বিচাৰে নেকি ‘মোহাব্বত কি দুকান’ত? কিদৰে লাভ কৰিব এই সুবিধা..

January 16, 2024 1:19 pm · এন ই নাও নিউজ, গুৱাহাটী

মণিপুৰৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই আজি তিনি দিনত ভৰি দিছে। ইতিমধ্যে যাত্ৰা মণিপুৰৰ পৰা নাগালেণ্ডত প্ৰৱেশ কৰিছে।

ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ এই যাত্ৰাই ১৫খন ৰাজ্যৰ মাজেৰে ৬৭০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব।

এই দীৰ্ঘ দূৰত্বৰ যাত্ৰাত ব্যৱহাৰ কৰা হৈছে এখন বিশেষ বাছ। এই বাছখনক‘মোহাব্বত কি দুকান’ নামেৰে নামাকৰণ কৰা হৈছে।

কংগ্ৰেছ নেতাগৰাকীক এই যাত্ৰাত সংগ দিয়াৰ বাবে স্বাভাৱিকতেই ইচ্ছা প্ৰকাশ কৰিব বিভিন্নজনে। গান্ধীৰ সৈতে ‘মোহাব্বত কি দুকান’ত উঠিব বিচৰাসকলৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰিছে এক ব্যৱস্থা।

ইয়াৰ বাবে ইচ্ছুক লোকসকলে ল’ব লাগিব বিশেষ টিকট। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক টুইট যোগে এই টিকটৰ বিষয়ে সদৰী কৰিছে।

ৰাহুল গান্ধীৰ ফটো সম্বলিত এই টিকট হাতত লৈ থকা এখন ছবি শ্বেয়াৰ কৰি টুইটটোত জয়ৰাম ৰমেশে লিখিছে, “এইখনেই হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰাত যাত্ৰা কৰা ‘মোহব্বত কি দুকান’ বাছৰ টিকট ।”

“যোৱা ১০ বছৰৰ অন্যায়ৰ বিৰুদ্ধে এই ন্যায়ৰ যাত্ৰাত ৰাহুল গান্ধীক সাক্ষাৎ কৰি কথা পাতিব বিচৰাসকলক এনে টিকট দিয়া হৈছে আৰু বাছৰ ভিতৰলৈ মাতি অনা হৈছে।”- টুইটটোত জয়ৰাম ৰমেশে লগতে কয়।

 

Related News