গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত নিশা কৰ্তব্যৰত অৱস্থাত এগৰাকী নাৰ্চিঙৰ ছাত্ৰীক যৌন নিৰ্য্যাতন চলোৱা ঘটনা এটা শেহতীয়াভাৱে পোহৰলৈ আহিছে।
পলমকৈ আৰক্ষীৰ ওচৰলৈ অহা ঘটনাটো চিকিৎসালয়খনৰ গেষ্ট্ৰ’লজি বিভাগত ২৩ মে’ত সংঘটিত হৈছিল। কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কিছু পলমকৈ ৪ জুনতহে ভঙাগড় থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে।
আৰক্ষীক ছাত্ৰীগৰাকীয়ে দিয়া ভাষ্যমতে ঘটনাৰ দিনা তেওঁ জি এম চি এইচ্ছৰ বিভাগটোত নিশাৰ ভাগত ডিউটি কৰিছিল। কৰ্তব্যত থকাৰ সময়তে গোবিন্দ মেধি নামৰ এজন ৱাৰ্ড বয়ে তেওঁক নিৰ্য্যাতন চলায়।
মেধিয়ে তেওঁৰ কাপোৰ ফালি দিয়ে বুলিও ছাত্ৰীগৰাকীয়ে এজাহাৰখনত উল্লেখ কৰিছে।
এজাহাৰখনৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে ১৮২/২০১৯ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৩৫৪ ধাৰাত এটা গোচৰ ৰুজু কৰি ইতিমধ্যে অভিযুক্ত গোবিন্দ মেধিক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে, জনালে ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খৰ্গেশ্বৰ ৰাভাই।
কি কাৰণত ঘটনা সংঘটিত হোৱাৰ ভালেকেইদিন পাছতহে অভিযুক্তই এজাহাৰ দাখিল কৰিলে, এই কথা জানিব খোজাত এই কথা আৰক্ষীৰ অৱগত নহয় বুলি জনালে ৰাভাই।