গান্ধী ৰে’চিষ্ট আছিল? গান্ধীক হত্যা সম্ভৱনে!

গান্ধী জীৱিত কালতেই এটা thought, idea– যাক হত্যা কৰিব পৰা নাযায়। গান্ধীৰ এষাৰ কথা হিন্দু মহাসভাৰ অপকৰ্মৰ ক্ষেত্ৰত আমি তুলি দিব পাৰোঁ।

বৃহস্পতিবাৰে মৃত্যু দিৱসত মহাত্মা গান্ধীক প্ৰতীকী গুলী হিন্দু মহাসভাৰ। সৌজন্য-- thestatesman.com

The South African Gandhi: Strecher-Bearer of Empire শীৰ্ষক গ্ৰন্থখনত ১৮৯৩ৰ পৰা ১৯১৪ চনলৈকে দুটা দশক দক্ষিণ আফ্ৰিকাত থকা সময়ছোৱাৰ মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰ এক খতিয়ান দাঙি ধৰিছে ক্ৰমে সমাজবিদ্যা (চ’চিয়লজি) আৰু বুৰঞ্জী (হিষ্ট্ৰি)ৰ অধ্যাপকদ্বয় এশ্বৱিন দেচাই আৰু গুলেম ৱাহেদ-এ। এটা বাক্যতে যদি কিতাপখনৰ মূল বিষয়টো ক’বলগা হয়, কিতাপখনে এটা প্ৰশ্নৰ উত্তৰৰ সন্ধান কৰিছে– গান্ধী ৰে’চিষ্ট আছিল নেকি!

সংখ্যাগৰিষ্ঠ বিশ্বমানৱৰ বাবে এনে প্ৰশ্ন আচহুৱা যদিও বিখ্যাত ব্যক্তিৰ বিস্তৰ জীৱনক লৈ কম-বেছি পৰিমাণে বিতৰ্ক থাকেই। গান্ধীও ইয়াৰ ব্যতিক্ৰম নহয়। অলপতে জানিব পৰা গৈছে, গান্ধী ৰে’চিষ্ট আছিল বুলি অভিযোগেৰে ঘানা বিশ্ববিদ্যালয়ত সগৰ্বে থিয় হৈ থকা গান্ধীৰ মূৰ্তি পৰ্য্যন্ত আঁতৰাই পেলোৱা হৈছে। শিক্ষিত সমাজৰ ভদ্ৰ লোকেই এই কাম কৰিছে আৰু এনে অপকৰ্মৰ সপক্ষত তেওঁলোকে যুক্তিও বিচাৰি পাইছে।

উইনষ্টন চাৰ্চিলকো বিশ্বই বিখ্যাত ৰাজনীতিক, দাৰ্শনিক, লেখক, নবে’ল বঁটাপ্ৰাপক বুলিয়েইতো জানে। কিন্তু দ্বিতীয় বিশ্বযুদ্ধ নোহোৱাহেঁতেন চাৰ্চিলক ডে’মক্ৰেট বুলি ভবাৰ থলেই নাথাকিলহেঁতেন। চাৰ্চিলকো সময়ৰ বিচাৰত তুলনা কৰা হৈছে হিটলাৰৰ লগত “worst white supremacist mass murderer” বুলি।

দহ নিযুত ভাৰতীয়ৰ প্ৰাণ কাঢ়ি লোৱা ঐতিহাসিক বংগ দুৰ্ভিক্ষ (বেংগল ফেমিন)ৰ ঘটনাই নিশ্চয় চাৰ্চিলক গণহত্যাকাৰী বুলিবলৈ যথেষ্ট। চাৰ্চিলে ভাৰতীয়সকল সম্পৰ্কে কৰা তিনিষাৰ বক্তব্যৰ পৰা গণহত্যাকাৰী আখ্যায়িত চাৰ্চিল কিমান অমানৱীয় একনায়কত্ববাদী আছিল তাৰ স্পষ্ট আভাস এটা পাব পাৰি। লগতে মহাত্মা গান্ধী সম্পৰ্কে তেখেতৰ এশাৰীৰ প্ৰতিক্ৰিয়া এটাও ইয়াতে আমি সংযোগ কৰিব পাৰোঁ।

“Famine or not, Indians will always breed like rabbits.”

দুৰ্ভিক্ষৰ দুখদায়ক ছবিখনৰ উল্লেখেৰে পঠোৱা এখন টে’লিগ্ৰামৰ উত্তৰত তেওঁ কৈছিল, “Then why Gandhi hasn’t died yet?”

“I do not understand this squeamishness about the use of gas. I am strongly in favour of using poisoned gas against uncivilised tribes.”

“I hate Indians. They are a beastly people with a beastly religion. The famine was their own fault for breeding like rabbits.”

গান্ধীৰ প্ৰসংগটোলৈ আহিলো হিন্দু মহাসভাই যোৱা ৩০ জানুৱাৰিত গান্ধীৰ প্ৰতিমূৰ্তিত প্ৰতীকী গুলীবৰ্ষণেৰে লোৱা আনন্দৰ বাতৰি পঢ়ি। শিক্ষিত সমাজৰেই গান্ধী-হিংসা, ধৰ্মান্ধৰ কথানো কি ক’বা! চাৰ্চিলৰ প্ৰসংগটো আনিলো এইটোকে ক’বলৈ যে পাৰফেক্ট কোনো নহয়। পৃথিৱীত এনে ব্যক্তি বহুত আছে। সেইবুলি গান্ধীৰ তুলনাও চাৰ্চিলৰ লগত নহয়।

চাৰ্চিলৰ প্ৰসংগতে আমি নেতাবোৰৰ মাইণ্ডচে’টবোৰৰ সৈতেও চিনাকি হোৱাৰ সুৰুঙা এটা পাওঁ। আমাৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াকো গুজৰাটৰ গোধৰা কাণ্ডৰ বাবে বহুতে গণহত্যাকাৰী বোলে। কাইলৈ কোনোবাই হয়তো মোদীকো ক’ব বা ইতিমধ্যে কোৱা হয়েই– “worst Hindu fundamentalist mass murderer”।

গান্ধীক হত্যা কৰাটো এইখন পৃথিৱীত আৰু কাৰোৰে বাবেই সম্ভৱ হৈ থকা নাই। গান্ধী জীৱিত কালতেই এটা thought, idea– thought, ideaক হত্যা কৰিব পৰা নাযায়। গান্ধীৰ এষাৰ কথা ঘানা বা হিন্দু মহাসভাৰ অপকৰ্মৰ ক্ষেত্ৰত আমি তুলি দিব পাৰোঁ। একেষাৰ কথাই যোৱা তিনি-চাৰিটা দশকৰ অসমখনৰ ক্ষেত্ৰটো প্ৰযোজ্য।

“When I despair, I remember that all through history the way of truth and love have always won. There have been tyrants and murderers, and for a time, they can seem invincible, but in the end, they always fall. Think of it – always,” এয়া গান্ধীৰ কথা।

লেখকৰ ইমে’ইল– theofficialdjchoudhury@gmail.com